মৰ্মান্তিক! ডিভাইডাৰ পাৰ হৈ শ্ৰমিকভৰ্তি বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, ৭ জনৰ মৃত্যু, ১৩ জন সংকটজনক অৱস্থাত চিকিৎসাধীন

নিউজ ডেস্কঃ এখন শ্ৰমিকভৰ্তি বাছ আৰু এখন কয়লাভৰ্তি ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱায় ৭ জনকৈ শ্ৰমিকে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন কেইবাজনো শ্ৰমিক।

শুকুৰবাৰে নিশা এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় ওড়িশাৰ ঝাৰসুগুড়া-সম্বলপুৰ বিজু এক্সপ্ৰেছৱে’ত। দুৰ্ঘটনাত আহত সকলক স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ সম্বলপুৰৰ বুৰ্লা হাস্পতালত ভৰ্তি কৰোৱায়। আহত সকলৰ ১৩ জনৰ স্বাস্থ্য অতি সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনে ঠেলকুলিৰ জে এছ ডব্লিউ প্লাণ্টৰ পৰা ঝাৰসুগুড়ালৈ ৬০ জনৰো অধিক শ্ৰমিক কঢ়িয়াই নিছিল। সৰবাহলৰ সমীপত পিছফালৰ পৰা কয়লা ভৰ্তি ট্ৰাক এখন আহি দুটা গৰুক খুন্দা মৰাৰ পিছত ৰোড ডিভাইডাৰৰ ওপৰেৰে পাৰ হৈ বাছখনত খুন্দা মাৰে।

image 130
মৰ্মান্তিক! ডিভাইডাৰ পাৰ হৈ শ্ৰমিকভৰ্তি বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, ৭ জনৰ মৃত্যু, ১৩ জন সংকটজনক অৱস্থাত চিকিৎসাধীন 3

এই ভয়ংকৰ দুৰ্ঘটনাত ৬ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে এজনৰ হাস্পতালত মৃত্যু ঘটে। দুৰ্ঘটনাৰ আহত ১৮ জনক বৰ্তমান বিপদমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।

ঝাৰসুগুড়াৰ উপায়ুক্ত সৰোজ সমলে জানিবলৈ দিয়া মতে, ট্ৰাক চালকজনৰ দায়িত্বহীনভাৱে গাড়ী চলোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰায় ১৮ জনক প্ৰাথমিক চিকিৎসাৰ অন্তত ডিচচাৰ্জ দিয়াৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন ৬ জনক ভিমছাৰলৈ স্থানান্তৰ কৰাৰ লগতে ৭ জন ডি এইচ এইচত চিকিৎসাধীন হৈ আছে।

image 131
মৰ্মান্তিক! ডিভাইডাৰ পাৰ হৈ শ্ৰমিকভৰ্তি বাছত প্ৰচণ্ড খুন্দা ট্ৰাকৰ, ৭ জনৰ মৃত্যু, ১৩ জন সংকটজনক অৱস্থাত চিকিৎসাধীন 4

তদুপৰি আহত সকলে বিনামূলীয়া চিকিৎসা লাভ কৰাৰ লগতে চিকিৎসাৰ সকলো ব্যয় জিলা প্ৰশাসনে বহন কৰিব বুলিও উপায়ুক্তগৰাকীয়ে আশ্বাস প্ৰদান কৰে। তেওঁ লগতে কয়, “আহত সকলৰ সৰ্বোত্তম চিকিৎসাৰ বাবে উপযুক্ত ব্যৱস্থা কৰা হ’ব। তেওঁলোকৰ চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ এটা দল নিযুক্তি দিয়া হৈছে আৰু প্ৰয়োজন অনুসৰি চিকিৎসাৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।”