মৰ্মান্তিক! ডিভাইডাৰত খুন্দা মাৰি দাউদাউকৈ জ্বলি উঠিল বাহন, মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু, আহত ৩ জন…

নিউজ ডেস্কঃ ডিভাইডাৰত খুন্দা মৰাৰ পিছতে দাউদাউকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন।

শুকুৰবাৰে পুৱা সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত ২ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন ৩ জন গুৰুতৰভাৱে আহত হয়।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় তেলেংগানাৰ নালগোণ্ডা জিলাৰ কেটাপল্লী মণ্ডলৰ ইনুপামুলাৰ ৬৫নং ৰাষ্ট্ৰীয় ঘাইপথত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুৱতি নিশা সূৰ্যপেটৰ পৰা হায়দৰাবাদ অভিমুখে গৈ থকা এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ডিভাইডাৰত।

image 97
মৰ্মান্তিক! ডিভাইডাৰত খুন্দা মাৰি দাউদাউকৈ জ্বলি উঠিল বাহন, মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু, আহত ৩ জন… 3

ইয়াৰ পিছতে বাহনখনত জুইৰ সূত্ৰপাত ঘটাত জ্বলি ছাই হৈ পৰে বাহনখন।

ইফালে সেই সময়ত গৈ থকা এগৰাকী মটৰ চাইকেল আৰোহীয়ে তাৎক্ষণিকভাৱে ৩ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আন দুজন ব্যক্তিৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটে।

নিহত দুজনক কৰুণাকুমাৰী (৭০) আৰু তেওঁৰ পুত্ৰ ফণী কুমাৰ (৪৩) বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাটোত ফণী কুমাৰৰ পত্নী কৃষ্ণাবেণী, তেওঁলোকৰ পুত্ৰ আৰু এজন ব্যক্তিৰ কোনোমতে প্ৰাণৰক্ষা পৰে।

image 98
মৰ্মান্তিক! ডিভাইডাৰত খুন্দা মাৰি দাউদাউকৈ জ্বলি উঠিল বাহন, মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু, আহত ৩ জন… 4

জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত হায়দৰাবাদৰ এক পাৰিবাৰিক অনুষ্ঠানত অংশ লৈ উভতি আহিছিল ফণী কুমাৰৰ পৰিয়ালটো।

কিন্তু অধিক দ্ৰুতবেগৰ বাবেই বাহনখন নিয়ন্ত্ৰণহীন হৈ এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।