নিউজ ডেস্কঃ পুৱাই এখন যাত্ৰীবাহী বাছত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু ঘটে এটি শিশুসহ কমেও ১২ জন যাত্ৰীৰ।
এই শোকাবহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাছিকত।
শনিবাৰে পুৱা নাছিক-ঔৰাংগাবাদ ঘাইপথত ডিজেল কঢ়িওৱা এখন ট্ৰেইলাৰ ট্ৰাকত খুন্দা মৰাৰ পিছতে ৰাজপথৰ ওপৰতে দপদপকৈ জ্বলি উঠে যাত্ৰীবাহী বাছখন।

এই ঘটনাত কমেও ১২ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আন ৩০ জন যাত্ৰী আহত হয়।
নাছিকৰ উপ আৰক্ষী আয়ুক্ত আমোল তাম্বেয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পুৱা প্ৰায় ৫.১৫ বজাত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয়।

ইয়াৰ পিছতে আহত সকলক উদ্ধাৰ কৰি এম্বুলেন্সযোগে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনাত শোক ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰু আহত সকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে।
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of the deceased due to the bus fire in Nashik. The injured would be given Rs. 50,000: PM @narendramodi
— PMO India (@PMOIndia) October 8, 2022
অন্যহাতে, মুখ্যমন্ত্ৰী একনাথ শিণ্ডেয়েও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৫ লাখকৈ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।
আহতসকলৰ চিকিৎসা ব্যয় মহাৰাষ্ট্ৰ চৰকাৰে বহন কৰিব বুলিও মন্তব্য কৰে ৰাজ্যিক মন্ত্ৰী দাদা ভুছে।