নিউজ ডেস্কঃ তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৩ স্কুটী আৰোহী যুৱকে।
নগাঁৱৰ চকৰিগাঁৱত নিশা সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত পলমকৈ আৰক্ষীৰ দল উপস্থিত হোৱাক কেন্দ্ৰ কৰিও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ স্থানীয় ৰাইজে।
জানিব পৰা মতে, ৩ যুৱকে এএছ-০২ ইউ-৬৭৩০ নম্বৰৰ স্কুটীৰে আহি থকা সময়তে বিপৰীত দিশৰ পৰা অহা এএছ ০১ এম চি ০৭৩৭ নম্বৰৰ ট্ৰাকখনৰ সৈতে সংঘৰ্ষ ঘটে।
এই দুৰ্ঘটনাত তিনি স্কুটী আৰোহী যুৱকৰ থিতাতে মৃত্যু ঘটে।
নিহত যুৱক তিনিজনক ডিমৰুগুৰিৰ বিক্ৰম দাস, মুন্না দাস আৰু পংকজ দাস বুলি চিনাক্ত কৰা হৈছে।
ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনক আৱদ্ধ কৰি ৰাখে স্থানীয় ৰাইজে।
দুৰ্ঘটনাৰ বিষয়ে খবৰ দিয়াৰ পিছতো বহু পলমকৈ ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ট্ৰাক চালকজনক লৈ যাব বিচৰাত একাংশ ক্ষুব্ধ ৰাইজে আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ লগতে আৰক্ষীৰ বাহনতো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ট্ৰাক চালকজনে অত্যাধিক সুৰাপান কৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।
পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰন কৰি ট্ৰাক চালকজনক থানালৈ লৈ যায়।