fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! টায়াৰ ফাটি ট্ৰাকত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা তীব্ৰবেগী জীপৰ, মহিলাসহ ৭ জনৰ মৃত্যু…

নিউজ ডেস্কঃ তীব্ৰবেগত গৈ থকা সময়তে হঠাৎ টায়াৰ ফাটি নিয়ন্ত্ৰণহীন হৈ পৰা জীপৰ ট্ৰাকত প্ৰচণ্ড খুন্দা।

এই ভয়ংকৰ দুৰ্ঘটনাত ৫ মহিলাসহ মৃত্যু ৭জনকৈ লোকৰ। দুৰ্ঘটনাত আহত আন ১০ জন লোক।

গুজৰাটৰ পাটন জিলাত বুধবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ১৮ জন যাত্ৰী কঢ়িয়াই নিয়া জীপখন ৰাধানপুৰ-ভাৰাহী ঘাইপথেৰে বাৰহী গাঁও অভিমুখে গৈ থকা সময়তে পিপলি গাঁৱত সময়ত বাহনখনৰ সন্মুখৰ এটা টায়াৰ ফাটি যায়।

যাৰ ফলত জীপ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত ৫ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে বাকী দুজনৰ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু ঘটে।

দুৰ্ঘটনাত নিহত সকলক সমজুভাই ফুলৱাদী (৫০), দুদাভাই ৰাথোৰ (৫০), ৰাধাবেন পৰমাৰ (৩৫), কাজল পৰমাৰ (৫৯), অমৰুতা ভাঞ্জৰা (১৫) আৰু পিনালবেন ভাঞ্জৰা (৭) বুলি চিনাক্ত কৰা হৈছে।

নিহতসকলৰ এজনৰ এতিয়াও চিনাক্ত হোৱা নাই। নিহত আটাইকেইজন ৰাজস্থানৰ নিৱাসী বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক ৰাধানপুৰ আৰু পাটনৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, দুয়োখন বাহনৰ চালকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰা আৰু মটৰ গাড়ী আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!