fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছিল বিনেশে, দৰাৰ সাজত কইনাক আনিবলৈ যাওতেই পথ দুৰ্ঘটনাত পিতৃ-ভাতৃসহ হেৰুৱালে প্ৰাণ…

নিউজ ডেস্কঃ উলহ মালহেৰে জীৱনৰ এটা নতুন অধ্যায়ৰ পাতনি মেলিবলৈ ওলাইছিল দেৱেশ।

সপোনৰ ঘৰখন সজাবলৈ বুলি দৰাৰ সাজত কইনাক আনিবলৈ যোৱাৰ পৰতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পিতৃ আৰু ভাতৃৰ লগতে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল দেৱেশেও।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হৰদৈ জিলাত।

image 72

শুকুৰবাৰে নিশা পাচদেৱৰা থানা এলেকাত এখন বৰযাত্ৰী বাহন কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কৰুণ মৃত্যুক সাৱটি লয় দৰা দেৱেশসহ ৫ জনকৈ লোকে।

জানিব পৰা মতে, শুকুৰবাৰে হৰপালপুৰ অঞ্চলৰ কুঢ়া গাঁৱৰ নিৱাসী ওমবীৰৰ পুত্ৰ দেৱেশৰ বিবাহ উপলক্ষ্যে কেইবাখনো বৰযাত্ৰীৰ বাহন শ্বাহজাহানপুৰৰ কান্ত থানা এলেকাৰ অভয়ান গাঁৱলৈ ৰাওনা হৈছিল।

সেই সময়তে দৰাসহ ৮জনকৈ লোক যাত্ৰা কৰা বলেৰ’ বাহনখনে পাদদেৱৰা অঞ্চলৰ দৰিয়াবাদ গাঁৱৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এখন চুপাৰি কঢ়িওৱা ট্ৰক্টৰ ট্ৰলীত প্ৰচণ্ড জোৰে খুন্দা মাৰি বাগৰি পৰে।

image 73

এই দুৰ্ঘটনাত দৰাৰ ভাতৃ ৰুদ্ৰ (১২) আৰু কন্নৌজৰ জলালপুৰ পানবৰাৰ বাসিন্দা বিপানেশৰ থিতাতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ গুৰুতৰভাৱে আহত দৰা বিনেশ (২০)সহ আহত কেইজনক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় বিনেশ, পিতৃ ওমবীৰ আৰু চালক সুমিত সিঙে।

ইফালে বলেৰ’ বাহনখনত থকা অংকিত, ৰাজেশ আৰু জগতপালক সংকটজনক অৱস্থাত বৰ্তমান ফাৰুখাবাদৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

image 74

বিয়াৰ দিনাই এনেদৰে দৰা বিনেশসহ পৰিয়ালৰ ৩জনকৈ সদস্যৰ অকাল মৃত্যুৱে এতিয়া শোকস্তব্ধ কৰি তুলিছে গোটেই পৰিয়ালটোক।

ইফালে নিশা দৰাৰ আগমণৰ বাবে অপেক্ষা কৰি থকা কইনা আৰু কইনাৰ পৰিয়ালে এই খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!