মৰ্মান্তিক! জটিল ৰোগত আক্রান্ত হৈ অকালতে মৃত্যুক সাৱটিলে ছাত্ৰনেতা শচীন দাসে…

এক অতি শোকাৱহ ঘটনা।
জটিল ৰোগত আক্রান্ত হৈ অকালতে মৃত্যুক সাৱটিলে এগৰাকী ছাত্ৰনেতাই।
ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বৰ্তমানৰ উপদেষ্টা আৰু প্রাক্তন সাধাৰণ সম্পাদক শচীন দাসৰ অকাল মৃত্যুই মৰ্মাহত কৰি তুলিছে সকলোকে।
ছয়গাঁৱৰ মাজপাৰা নিবাসী বিমল দাস আৰু নিৰলা দাসৰ একমাত্ৰ পুত্ৰ আছিল শচীন দাস (২৬)।
জানিব পৰামতে ছাত্র নেতাগৰাকী প্ৰায় ২০ দিন পূৰ্বে গুৰুতৰভাৱে অসুস্থ হোৱাত পৰিয়ালৰ লোকে তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত ভৰ্তি কৰাইছিল।

চিকিৎসকে তেওঁ জটিল ৰোগত আক্ৰান্ত হোৱা বুলি জানিবলৈ দি চিকিৎসা চলাই আছিল যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে শচীনে।
উল্লেখ্য যে, শচীন দাসে ২০১৯-২০ বৰ্ষত ছয়গাঁও আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিছিল। ইয়াৰ পিচৰে পৰা তেওঁ ছাত্র সংগঠনটোৰ উপদেষ্টা হিচাপে মৃত্যুৰ সময়লৈকে কাৰ্যনিৰ্বাহ কৰি আছিল।
মৃত্যুৰ সময়ত ছাত্ৰ নেতাগৰাকীয়ে পিতৃ-মাতৃৰ লগতে এগৰাকী ভগ্নীসহ আত্মীয়-স্বজন, গুণমুগ্ধক ইহ সংসাৰত এৰি যায়।
অমায়িক স্বভাৱৰ ছাত্র নেতাগৰাকীৰ নশ্বৰ দেহ মঙলবাৰে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়লৈ আনি ৰাজহুৱাভাবে শ্রদ্ধাঞ্জলি জনোৱা হয়।

ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা, দক্ষিণ কামৰূপ ছাত্ৰ সন্থা, দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থা, পশ্চিম কামৰূপ ছাত্ৰ সন্থা, ছাত্র কল্যাণ ন্যাস, ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতি, ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও প্ৰেছ ক্লাব, ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিয়ে শেষ শ্রদ্ধা জনায়।
শচীন দাসৰ অকাল মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা প্রকাশ চন্দ্ৰ দাসেও গভীৰ শোক প্রকাশ কৰিছে।