fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! ছুটীত ঘৰলৈ আহি পুনৰ কৰ্ত্যবত যোগ দিছিল অসমৰ CRPF জোৱান গুণীন দাসে, কিন্তু তাৰ পিছতে বাচি ল’লে এই পথ…

নিউজ ডেস্কঃ ছুটীত ঘৰলৈ আহি পুনৰ কৰ্তব্যত যোগদান কৰাৰ পিছতে ৰহস্যজনকভাৱে কৰ্মস্থলীত আত্মহননৰ পথ বাচি ল’লে অসমৰ এগৰাকী চিআৰপিএফ জোৱানে।

ছত্তীশগড়ত কৰ্তব্যৰত অসমৰ বাক্সা জিলাৰ চিআৰপিএফ জোৱান গুণীন দাসে নিজৰ ছাৰ্ভিছ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰাৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে পৰিয়াল।

চি আৰ পি এফৰ ১৯৫নং বেটেলিয়নৰ জোৱান আৰু ডাণ্ট্ৰেৱাড়াৰ মুখ্য কাৰ্যালয়ত নিয়োজিত গুণীন দাসে নিজকে গুলীবিদ্ধ কৰাৰ পিছতে সতীৰ্থই তেওঁক ডাণ্ট্ৰেৱাড়া জিলা হাস্পতালত ভৰ্তি কৰায়।

কিন্তু জোৱানজনৰ স্বাস্থ্য অধিক সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁক বিমানযোগে ৰায়পুৰৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু তাতেই মাজনিশা শেষ নিশ্বাস ত্যাগ কৰে গুণীন দাসে।

জানিব পৰা মতে, গুণীন দাসে ছুটীত ঘৰলৈ আহি শনিবাৰে পুনৰ কৰ্তব্যত যোগদান কৰিছিল।

কিন্তু তাৰ পিছতে জোৱানজনে আত্মহননৰ পথ বাচি লোৱাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

সোমবাৰে জোৱানজনৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!