মৰ্মান্তিক! চৰকাৰী পানী টেংকীত ডুবি কৰুণ মৃত্যুক সাৱটিলে দুই ভাতৃয়ে…

এক শোকাৱহ ঘটনা। চৰকাৰী পানী টেংকীত ডুবি কৰুণ মৃত্যুক সাৱটিলে ২ কিশোৰে।
ৰাজস্থানৰ আলৱাৰত, এনইবি আৰক্ষী থানাৰ অন্তৰ্গত কাইমালা গাঁৱত সংঘটিত হৈছে এক শোকাবহ ঘটনা। গাওঁখনৰ এটা চৰকাৰী পানীৰ টেংকীত ডুব যোৱাৰ ফলত দুটা কিশোৰৰ মৃত্যু হোৱাৰ খবৰে সকলোকে শোকস্তব্ধ কৰি তুলিছে।
লগে লগে গাওঁবাসী আৰু পৰিয়ালৰ সদস্যসকলে দুই কিশোৰক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে দুয়োকে।
মৃত কিশোৰ দুজন সাগৰ (১৬) আৰু নীতিন (১৭) বুলি জানিব পৰা গৈছে। দুয়োজন সম্পৰ্কত ভাই-ককাই।
প্ৰাপ্ত তথ্য অনুসৰি, দুয়োজন কিশোৰেই পানীৰ টেংকত পানী চাবলৈ যাওঁতে সাগৰৰ ভৰি পিছলি টেংকত পৰিছিল। ইয়াৰ পিছত, নিতিনে তেওঁক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যোৱাত তেওঁলোক দুয়ো ডুব গৈ মৃত্যুবৰণ কৰে।
পৰিয়ালৰ লোকে নিশা ৮:00 বজাতহে ঘটনাটোৰ বিষয়ে জানিব পাৰে।
সোমবাৰে সন্ধিয়া, তেওঁলোকৰ মৃতদেহ শৱগৃহত ৰখা হয় আৰু মঙলবাৰে ৰাতিপুৱা মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা পিছত পৰিয়ালক হস্তান্তৰ কৰা হয়।