fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! চোতালত খেলি থাকোতেই কাণৰ তলত বিষাক্ত কীটৰ কামোৰ, হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু কিশোৰীৰ…

নিউজ ডেস্কঃ চোতালত খেলি থাকোতেই অতি বিষাক্ত কীটৰ কামোৰৰ পিছত ৪ দিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ থাকি মৃত্যুক সাৱটি ল’লে এটি কণমানিয়ে।

এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে কেৰালাৰ পাঠানমথিত্তাৰ পেৰিংগাত।

জানিব পৰা মতে, পেৰিংগাৰ নিৱাসী অনিশ আৰু শান্তি কৃষ্ণনৰ কন্যা তথা থিৰুভাল্লাৰ এজিএম স্কুলৰ ছাত্ৰী আমজিতা অনিশ (১৩)য়ে ১ মাৰ্চৰ সন্ধিয়া ঘৰৰ চোতালত খেলি আছিল।

সেই সময়তে কিশোৰীগৰাকীৰ কাণৰ তলত মাখিৰ দৰে এটা পোকে কামোৰে।

পোকটোৱে কামোৰাৰ পিছতে আমজিতাৰ গোটেই শৰীৰ বিষক্ৰান্ত হৈ পৰাৰ লগতে আধা ঘণ্টাৰ ভিতৰতে গোটেই শৰীৰত ফোহা ওলাবলৈ ধৰে।

লগে লগে কিশোৰীগৰাকীক পিতৃ-মাতৃয়ে থিৰুভাল্লাৰ তালুক চিকিৎসালয়লৈ যৈ যায় যদিও তাৰ পৰা উন্নত চিকিৎসাৰ বাবে অঞ্চলটোৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয়।

ইফালে সংক্ৰমণ হাওফাও পৰ্যন্ত বিয়পি পৰাত পৰৱৰ্তী সময়ত ভেণ্টিলেটৰত ভৰ্তি কৰাবলগীয়া হয় আমজিতাক। আৰু তাতেই ৪ দিন ধৰি চিকিৎসাধীন হৈ থাকি অৱশেষত মৃত্যুক আঁকোৱালি লয় কিশোৰীগৰাকীয়ে।

চিকিৎসকে প্ৰকাশ কৰা মতে, যিটো পোকে আমজিতাক কামুৰিছিল, সেয়া অতি বিষাক্ত আছিল। অৱশ্যে মাখিৰ দৰে পোকটো চিনাক্ত কৰিব পৰা হোৱা নাই।

কিশোৰীগৰাকীৰ এনে মৃ্ত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে অঞ্চলবাসীক।

Related Articles

Back to top button