fbpx
অৰুণাচল প্ৰদেশঅসমীয়া

মৰ্মান্তিক! চেন্নাইত খেলৰ মাজতে আঘাতপ্ৰাপ্ত হৈ মৃত্যু অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অৰুণাচল প্ৰদেশক প্ৰতিনিধিত্ব কৰিবলৈ যােৱা এগৰাকী বক্সাৰৰ খেল মাজতে আঘাতপ্ৰাপ্ত হৈ কৰুণ মৃত্যু।

এই খেলুৱৈগাৰীৰ নাম ইউৰা টাডে। তেওঁ ইটানগৰৰ সমীপৱৰ্তী চিম্পুৰ বাসিন্দা।

image 170

জানিব পৰা মতে, চেন্নাইত অনুষ্ঠিত হোৱা ৱাকো ইণ্ডিয়া চিনিয়ৰছ এণ্ড মাষ্টাৰছ নেচনেল কিকবক্সিং চেম্পিয়নশ্বিপত অৰুণাচল প্ৰদেশৰ খেলুৱৈৰ দলৰ সদস্য আছিল ইউৰা টাডে।

যােৱা ২২ আগষ্টত খেলৰ মাজতে টাডেই মগজুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰােৱা হৈছে।

চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে খেলুৱৈগৰাকীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল।

image 171

কিন্তু মংগলবাৰে দুপৰীয়া ২.২੦ মান বজাত চিকিৎসালয়ত শেষ নিস্বাস ত্যাগ কৰে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে চেন্নাইত অনুষ্ঠিত হোৱা ৱাকো ইণ্ডিয়া চিনিয়ৰছ এণ্ড মাষ্টাৰছ নেশ্যনেল কিকবক্সিং চেম্পিয়নশ্বিপত অৰুণাচল প্ৰদেশে পদক লাভ কৰিবলৈ সক্ষম হৈছিল যদিও ইউৰা টাডেৰ আকস্মিক মৃত্যুৰ খবৰে সকলােকে শােকান্বিত কৰি তুলিছে।

লগতে চাওকঃ

শোকাবহ! দুপৰীয়া ভাত খাই মজিয়াত শুই থাকোতেই সাপে খুটিলে মহিলাক, তিনিদিন চিকিৎসাধীন হৈ থাকি মৃত্যু

699

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!