অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! চাৰিচকীয়া বাহনে খুন্দা মাৰি পথৰ ওপৰৰে ৫০০ মিটাৰ চোঁচৰাই লৈ গ’ল ফুড ডেলিভাৰী বয় কুশলক, মৃত্যু

নিউজ ডেস্কঃ বছৰৰ প্ৰথম দিনটোতে দিল্লীত এগৰাকী যুৱতীৰ সৈতে সংঘটিত ঘটনাৰ অনুৰূপ ঘটনা সংঘটিত হ’ল এইবাৰ নয়ডাত।

এগৰাকী ছুইগী ডেলিভাৰী বয়ৰ স্কুটীত প্ৰচণ্ড জোৰে খুন্দা মাৰি ৫০০ মিটাৰ চোঁচৰাই লৈ গ’ল চাৰিচকীয়া বাহনে।

এই হৃদয় বিদাৰক ঘটনাত পথৰ ওপৰতে কৰুণ মৃত্যুক সাৱটি লয় ছুইগীৰ যুৱকজনে।

উদালপুৰৰ সমীপৰ নয়ডাৰ ১৪নং ছেক্টৰত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

জানিব পৰা মতে, বুধবাৰে নিশা ছুইগীৰ ডেলিভাৰী এজেণ্ট কুশলে স্কুটীৰে গ্ৰাহকক খাদ্য ডেলিভাৰ কৰিবলৈ গৈ আছিল।

সেই সময়তে এখন চাৰিচকীয়া বাহনে যুৱকজনক খুন্দা মাৰি পথৰ ওপৰেৰে ৫০০ মিটাৰ পৰ্যন্ত চোঁচৰাই লৈ যায়।

এই ঘটনাত কুশলৰ মৃত্যু ঘটাৰ পিছতে অভিযুক্ত বাহনখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ইফালে নিশা প্ৰায় ১ বজাত কুশলৰ ভাতৃয়ে ফোন কৰাত কোনো পথিকে ফোনটো ৰিচিভ কৰি দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে।

কুশলৰ ভাতৃয়ে থানাত অভিযোগ দিয়াৰ লগে লগে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে।

অচিনাক্ত চালকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, চিচিটিভিৰ ফুটেজৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে। শীঘ্ৰে চিনাক্ত হ’ব দোষী। উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আশ্বাস দিয়ে আৰক্ষীয়ে।

Related Articles

Back to top button