এক শােকাৱহ ঘটনা। চৰকাৰী চাউল আনিবলৈ গৈ ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ।
এই ঘটনাৰ স্থান শােণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাহৰবাৰী।
নিহত মহিলাগৰাকী নাহৰবাৰীৰে বাকোলা এম.ভি স্কুলৰ চকীদাৰ প্ৰয়াত লক্ষী দলৈৰ পত্নী তৰামাই দলৈ(৬৫) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, মৃত মহিলাগৰাকী বাকোলা এম.ভি স্কুলৰ ৰান্ধনী হিচাবে কৰ্মৰত আছিল।
জানিব পৰা মতে, ৰে’ল ক্ৰচিং পাৰ হ’বলৈ ধৰোতেই মহিলাগৰাকীক মহটীয়াই নিয়ে ৰে’লখনে৷
জানিব পৰামতে, মহিলাগৰাকীয়ে পুৱা সমবায় দোকানৰ পৰা চাউল আনিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল।