মৰ্মান্তিক! গৰৱা খেলি থাকোতেই আকস্মিক মৃত্যু পুত্ৰৰ, খবৰ লাভ কৰি প্ৰাণ ত্যাগ পিতৃৰো…

নিউজ ডেস্কঃ নৱৰাত্ৰী উদযাপন কৰি গৰৱা খেলি থকাৰ সময়তে হঠাৎ ঢলি পৰি মৃত্যু এজন যুৱকৰ। তাৰ পিছতে পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰি শেষ নিশ্বাস ত্যাগ কৰিলে পিতৃয়েও।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে গুজৰাটৰ ভিৰাৰ নগৰত।

জানিব পৰা মতে, শনিবাৰে নিশা ভিৰাৰ এভাৰশ্বাইন নগৰৰ গ্ল’বেল চিটি হাউচিং কমপ্লেক্সত একাংশ যুৱক-যুৱতীয়ে গৰৱা খেলি আছিল।

সেই সময়তে হঠাৎ অচেতন হৈ মাটিত ঢলি পৰে মণীষ নৰপট সোণিগ্ৰা নামৰ যুৱকজন।

image 32
মৰ্মান্তিক! গৰৱা খেলি থাকোতেই আকস্মিক মৃত্যু পুত্ৰৰ, খবৰ লাভ কৰি প্ৰাণ ত্যাগ পিতৃৰো… 2

লগে লগে তেওঁক নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মণীষক মৃত ঘোষণা কৰে।

ইফালে পুত্ৰৰ এই আকস্মিক মৃত্যুৰ খবৰ লাভ কৰি শোকত ভাগি পৰা পিতৃ নৰপট হৰকচন্দ সোণিগ্ৰা (৬৬)ইও শেষ নিশ্বাস ত্যাগ কৰে।

পৰিয়ালৰ দুজনকৈ সদস্যৰ এনেদৰে আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে সকলোকে।

জানিব পৰা মতে, নৰপট হৰকচন্দ সোণিগ্ৰাৰ প্ৰকৃত ঘৰ ৰাজস্থানৰ মাৰুধৰত। জৈন সম্প্ৰদায়ৰ পৰিয়ালটোৱে কৰ্মসূত্ৰে দীৰ্ঘকাল গুজৰাটত থাকি গুজৰাটী সংস্কৃতিক আঁকোৱালি লৈছিল।