fbpx
অসমীয়াঅসম

মৰ্মান্তিক! খোজ কাঢ়ি গৈ থাকোতেই হঠাৎ ঢলি পৰি মৃত্যু চিত্তৰঞ্জনৰ, CCTVত বন্দী হৃদয় বিদাৰক দৃশ্য…

নিউজ ডেস্কঃ মৰাণত হৃদয় বিদাৰক ঘটনা।

পথেৰে খোজকাঢ়ি গৈ থকা সময়তে হঠাৎ ঢলি পৰি মৃত্যু এজন ব্যক্তিৰ।

মৰাণৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিষ্ণুপুৰত সংঘটিত হয় এই ঘটনা।

ইফালে পথৰ কাষৰ চিচিটিভি কেমেৰাত বন্দী হৈছে এই সমগ্ৰ সকৰুণ দৃশ্য।

ভিডিঅ’ত দেখিবলৈ পোৱা মতে, এজন ব্যক্তিয়ে পথেৰে খোজ কাঢ়ি গৈ আছিল।

মূৰত টুপী পৰিহিত ব্যক্তিজনৰ এখন হাতত আছিল এটা টোপোলা।

ব্যক্তিজনে খোজকাঢ়ি গৈ থকা সময়তে হঠাৎ পথৰ ওপৰতে তলমূৰ কৰি ঢলি পৰে।

লগে লগে ব্যক্তিজনক আৰক্ষীয়ে উদ্ধাৰ কৰি মৰাণৰ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও হৃদৰোগত আক্ৰান্ত হৈ ব্যক্তিজনৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে চিকিৎসকে।

নিহত ব্যক্তিজনৰ পৰিচয় চিত্তৰঞ্জন মণ্ডল বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!