fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! খুড়াকৰ বিয়ালৈ বুলি সাজু হৈছিল মাধৱ আৰু সোহম, চুলি কাটি আহি বাথৰুমত একেলগে গা ধুবলৈ সোমাওতেই ঘটিল অঘটন…

নিউজ ডেস্কঃ খুড়াকৰ বিয়া বুলি বৰ স্ফূৰ্তিত আছিল মাধৱ আৰু সোহম!

পৰিয়ালৰ সৈতে বিয়ালৈ যোৱাৰ পূৰ্বে দুয়ো চুলি কাটিবলৈ গৈছিল। তাৰ পৰা আহি দুই ভাতৃয়ে একেলগে বাথৰুমত গা ধুবলৈ সোমাওতেই ঘটিল অঘটন!

হাৰিয়ানাৰ হিছাৰ জিলাত সংঘটিত এক মৰ্মান্তিক ঘটনাই শোকলৈ পৰিণত কৰিছে বিয়াৰ আনন্দক।

বাথৰুমত লগোৱা গিজাৰ গেছ লিক হোৱাৰ ফলত দুই ভাতৃৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালৰ লগতে সকলোকে।

জানিব পৰা মতে, হিছাৰৰ নগৌৰী গেটৰ সমীপৰ তিলক শ্যাম ৱালী গলিৰ নিৱাসী সৌৰভৰ গুৰুগ্ৰামত থকা ভাতৃৰ বিয়া ঠিক হৈছিল।

সেই বিয়ালৈকে যাবলৈ সাজু হৈছিল সৌৰভৰ পৰিয়ালো।

image 31

তেওঁৰ দুই পুত্ৰ ক্ৰমে ১৩ বছৰীয়া মাধৱ আৰু ৯ বছৰীয়া সোহম খুড়াকৰ বিয়ালৈ যাবলৈ অতি আনন্দিত আছিল।

বিয়ালৈ যোৱাৰ পূৰ্বে দেওবাৰে নাপিতৰ ওচৰলৈ চুলি কাটিবলৈ যায় মাধৱ আৰু সোহম।

চুলি কাটি ওভতাৰ পিছত দুই ভাতৃয়ে একেলগে ঘৰৰ প্ৰথম মহলাত থকা বাথৰুমত গা ধুবলৈ সোমায়।

কিন্তু শিশুদুটি বহুসময় ধৰি বাথৰুমৰ পৰা ওলাই নহাত মাতৃ হিমানীয়ে বাথৰুমৰ দুৱাৰ খুলি দুয়োকে অচেতন অৱস্থাত পৰি থকা দেখি হাহাকাৰ লাগে।

লগে মাধৱ আৰু সোহমক ওচৰৰ হাস্পতাললৈ নিয়া হয় যদিও ইতিমধ্যে শ্বাহৰুদ্ধ হৈ মৃত্যু ঘটে শিশু দুটিৰ।

খিৰিকি বন্ধ বাথৰুমত লগোৱা গিজাৰ গেছ লিক হোৱাৰ বাবেই শিশু দুটিৰ মৃত্যু ঘটা বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!