মৰ্মান্তিক! কৰ্তব্যৰত অৱস্থাত আকস্মিক মৃত্যু আৰক্ষী বিষয়া দিব্যধৰ সোণোৱালৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

কৰ্তব্যৰত অৱস্থাত হঠাতে অসুস্থ হৈ মৃত্যু এগৰাকী আৰক্ষী বিষয়াৰ।

এই বিষয়াগৰাকীৰ নাম দিব্যধৰ সােণােৱাল।

দিব্যধৰ সােণােৱাল তিনিচুকীয়া জিলাৰ ছৈখোৱাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত আছিল।

G3 5
মৰ্মান্তিক! কৰ্তব্যৰত অৱস্থাত আকস্মিক মৃত্যু আৰক্ষী বিষয়া দিব্যধৰ সোণোৱালৰ 2

জানিব পৰামতে, বুধবাৰে দুপৰীয়া ছৈখোৱাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যধৰ সোণোৱালে টহল দিয়াৰ বাবে ন-দিহিং নদী পাৰ হৈ সীমান্তৰ টেঙাপানী গাঁৱলৈ গৈছিল।

নদী পাৰ হৈ টেঙাপানী গাঁৱত কিছু সময় কটোৱাৰ পিচত পুনৰ সীমান্তৰ টেঙাপানী গাঁৱৰ পৰা প্ৰায় তিনি কিলোমিটাৰ খোজকাঢ়ি ন-দিহিং নদী পাৰ হৈ গাড়ীৰে আহি থাকোতে হঠাৎ মুখেদি ফেন ওলাই অচেতন হৈ পৰে।

লগত যোৱা আৰক্ষীৰ দলটোৱে লগে লগে বিষয়াগৰাকীক ডুমডুমাৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

জানিব পৰা মতে, তেওঁ পূৰ্বৰে পৰা মধুমেহ, উচ্চ ৰক্তচাপ ৰোগত ভুগি আছিল।

আৰক্ষী বিষয়াগৰাকীৰ হাৰ্ট এটেক হৈ মৃত্যু হোৱা বুলি চিকিৎসকে প্ৰকাশ কৰে।

সকলোৰে প্ৰিয়, সৎ আৰক্ষী বিষয়া দিব্যধৰ সোণোৱালৰ ঘৰ আৰৈমুৰীয়া গাঁৱত যদিও তেওঁ গোলাঘাট জিলাত স্থায়ীভাৱে ঘৰ সাজি থাকিবলৈ লৈছিল।

মৃত্যুৰ সময়ত আৰক্ষী বিষয়াজনে এহাল ল’ৰা-ছোৱালী আৰু পত্নীক এৰি থৈ গৈছে।

অৱসৰ গ্ৰহণলৈ প্ৰায় তিনি বছৰমান বাকী থকা সৎ আৰক্ষী বিষয়াজনৰ মৃত্যুত ছৈখোৱা অঞ্চলত শোকৰ ছাঁ পৰিছে।