নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।
সুদূৰ শিৱসাগৰৰ কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত গুৱাহাটীত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী টেট শিক্ষকৰ।
অকালতে মৃত্যুক সাৱটি লােৱা টেট শিক্ষকগৰাকী কামৰূপ জিলাৰ বকো-মালিবাৰী সত্ৰৰ গণেশ মণ্ডল।
মৃত্যুৰ সময়ত শিক্ষকজনৰ বয়স হৈছিল ২৪ বছৰ।

জানিব পৰামতে,শিক্ষক গৰাকীয়ে কর্মস্থান শিৱসাগৰৰ পৰা ৰে’লযোগে গুৱাহাটীলৈ আহি লালগণেশৰ পৰা লখৰালৈ মেজিক এখনেৰে গৈ থকা অৱস্থাত সাউকুছিৰ সোণাইঘুলিত ট্রাক এখনে মেজিকখনক খুন্দিয়ায়।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় টেট শিক্ষকগৰাকী।
ততাতৈয়াকৈ টেট শিক্ষকগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিক্ষকগৰাকীৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে।

শিক্ষকগৰাকীয়ে ইহসংসাৰত পিতৃ প্রফুল্ল চন্দ্ৰ মণ্ডল আৰু পত্নী লিপিকা বিশ্বাসক এৰি যায়।
এই ঘটনাই বৃহত্তৰ বকাে অঞ্চলত গভীৰ শােকৰ ছাঁ পেলাইছে।