মৰ্মান্তিক! কাকায়েকক ৰাখী পিন্ধাবলৈ গৈ দুৰ্ঘটনাত নিজৰেই স্বামী-শাহুক হেৰুৱালে এগৰাকী ভগ্নীয়ে

পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনটোতে এক মৰ্মান্তিক পথ দুৰ্ঘটনা।

কাকায়েকক ৰাখী পিন্ধাবলৈ গৈ দুৰ্ঘটনাত নিজৰেই স্বামী-শাহুক হেৰুৱালে এগৰাকী ভগ্নীয়ে।

এই কৰুণ ঘটনা সংঘটিত হৈছে তেজপুৰত মিলনপুৰত।

ককায়েকৰ ঘৰলৈ বুলি ৰাওনা হোৱাৰ পথতে ট্ৰাকে মহতিয়াই নিলে তেজপুৰৰ বিন্দুকুৰি বিমল বস্তিৰ সম্পূৰ্ণ পৰিয়ালটোক।

আনহাতে নিজেও গুৰুতৰভাৱে আহত হৈ হাস্পতালত জীৱন মৃত্যুৰে যুঁজ দি ভগ্নী মঞ্জুৱে।

৫ জনীয়া পৰিয়ালটো ই-ৰিক্সাত উঠি গৈ আছিল ঢেকিয়াজুলিৰ ককায়েকৰ ঘৰলৈ বুলি।

দুৰ্ঘটনাৰ সময়ত ই-ৰিক্সাখনত থকা ৫ গৰাকী লোক আছিল শাহু-শহুৰ, স্বামী আৰু দুই বছৰীয়া কন্যা সহ মঞ্জু ৰাজুৱাৰ নামৰ ভগ্নীগৰাকীয়ে।

কিন্তু তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় মঞ্জু ৰাজুৱাৰৰ স্বামী সহদেৱ ৰাজুৱাৰ আৰু হাস্পতালত শাহু ডলি ঘাটোৱাৰ।

এই কৰুণ ঘটনাই এতিয়া অঞ্চলজুৰি পেলাইছে শোকৰ ছাঁ।