মৰ্মান্তিক! কলেজলৈ গৈ থকাৰ সময়তে তীব্ৰবেগী ট্ৰেক্টৰে মহটিয়াই নিলে লুকুমণিক, থিতাতে হেৰুৱালে প্ৰাণ…

এক অতি শোকাৱহ ঘটনা।

তীব্ৰবেগী ট্ৰেক্টৰে মহটিয়াই নিলে এগৰাকী কলেজীয়া ছাত্ৰীক।

লখিমপুৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।

স্কুটী লৈ কলেজলৈ গৈ থাকোঁতেই ৰঙাপনীয়া নামঘৰৰ সন্মুখত এখন অচিনাক্ত ট্ৰেক্টৰে খুন্দা মৰাত থিতাতে নিহত হয় ছাত্ৰীগৰাকী।

photo 2022 12 16 12 59 40
মৰ্মান্তিক! কলেজলৈ গৈ থকাৰ সময়তে তীব্ৰবেগী ট্ৰেক্টৰে মহটিয়াই নিলে লুকুমণিক, থিতাতে হেৰুৱালে প্ৰাণ... 2

নিহত কলেজীয়া ছাত্ৰীগৰাকী লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী লুকুমণি সোণোৱাল।

স্কুটীখনৰ পঞ্জীয়ন নম্বৰ AS07 R 5916।

দুৰ্ঘটনাটো সংঘটিত হৈছে লখিমপুৰৰ চুতীয়াকাৰিত।

জানিব পৰামতে, লুকুমণি নামৰ ছাত্ৰীগৰাকীয়ে ৰাতিপুৱা মহাবিদ্যালয়লৈ গৈ থকা অৱস্থাত এখন তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই নিয়ে।

ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় লুকুমণি সোণোৱাল নামৰ ছাত্ৰীগৰাকী।

ছাত্ৰীগৰাকীৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।