মৰ্মান্তিক! কন্যাৰ বিবাহৰ বাবে বিদেশৰ পৰা ঘৰলৈ আহি অকাৰণতে ৫৪ দিন খাটিলে কাৰাবাস

April 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক আচৰিত ঘটনা। এজন অপৰাধীৰ সৈতে চেহেৰাৰ কিছু মিল থকা বাবেই ৫৪ দিন অকাৰণতে কাৰাবাস খাটিবলগা হ’ল এজন নিৰ্দােষী ব্যক্তি। বিদেশৰ পৰা স্বগৃলৈ কন্যাৰ বিবাহৰ বাবে অহা লােকজনে এই ঘটনাৰ বাবে হেৰুৱালে নিজৰ বিদেশত থকা ব্যৱসায়।

ঘটনাটো ২০১৮ চনৰ জুন মাহৰ। মানুহজনৰ নাম ভি কে থাজুধিন (৪৫)। ঘৰ কেৰেলাৰ কান্নােৰত।

ব্যৱসায় সূত্ৰে তেওঁ থাকে কাটাৰত। কিন্তু নিজ কন্যাৰ বিবাহৰ উদ্দেশ্যে তেওঁ ২০১৮ চনৰ ২৫ জুনত ১৫ দিনৰ বাবে আহিছিল ঘৰলৈ।

সুকলমে সম্পন্ন কৰিলে কন্যাৰ বিবাহ। সিমানলৈকে সকলো ঠিকেই আছিল। কিন্তু বিবাহৰ দুদিনৰ পিছত তেওঁ সন্মুখীন হল এক অনাকাংক্ষিত ঘটনাৰ যাৰ বাবে তেওঁ ভুগিব লগীয়া হ’ল বহু নিৰ্যাতন।

বিয়াৰ দুদিনৰ পিছত তেওঁ পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈ নিশা ঘৰলৈ ঘূৰি আহি দেখে যে তেওঁৰ ঘৰলৈ ১০০ মিটাৰ মান থকা অৱস্থাত আৰক্ষীয়ে পহৰা দি আছে। তেওঁৰ গাড়ীখন আৰক্ষীৰ দলটোৰ ওচৰ পাওঁতেই দুজন আৰক্ষীয়ে তেওঁলোকক ৰখাই আৰু তেওঁক এখন দৃশ্যমান নোহোৱা (Blur) চিচি টিভিৰ দৃশ্যৰ ফটো দেখুৱাই আৰু সেইজন তেওঁ বুলি কৈ তেওঁক গাড়ীৰ পৰা জোৰ-জবৰদস্তি নমাই লৈ যায়।

তেতিয়ালৈকে কি হৈ আছে তেওঁ একোৱেই গম নাপায়। পৰিয়ালৰ লোক গাড়ীৰ ভিতৰতে বহি থকাৰ বিপৰীতে তেওঁক আৰক্ষীয়ে লৈ যায় থানালৈ।

থানা পোৱাৰ পিছত আৰক্ষীৰ তেওঁলৈ তীক্ষ্ণ প্ৰশ্ন। কিয় চুৰি কৰিছিল সোণৰ চেইন? কিন্তু তেওঁ নিৰুত্তৰ। তেওঁ কিবা কৈছে যদিও আৰক্ষীয়ে একোৱেই শুনা নাই। মাত্ৰ তেওঁক ডকাইতি কৰাৰ কাৰণ শুধিছে। তেওঁ একো নাইকৰা বুলি কোৱাত আৰক্ষীয়ে তেওঁক শাৰীৰিক ভাৱে অত্যাচাৰ কৰিবলৈ লয়। তেওঁৰ চোলা-কাপোৰ খুলি দি উলংগ দেহাৰে এটা চুকত নিশাটো বহি থাকিবলৈ দিয়ে আৰক্ষীয়ে।

তেওঁৰ ভৰিৰ থলুৱাত অত্যাধিক মাৰ-ধৰ কৰে আৰক্ষীয়ে। তেওঁ আৰক্ষীক কয় যে তেওঁ এজন মধুমেহ ৰোগী। তেওঁৰ ভৰিত মাৰি আধা মৰা কৰাতকৈ তেওঁক মাৰিয়েই পেলাৱক। লোকজনক এই অকথ্য নিৰ্যাতন চলাই থানাখনৰ আৰক্ষী উপ-পৰিদৰ্শক পি বিজুৱে।

পিছদিনা পৰিয়ালৰ লোক আৰু সংবাদ মাধ্যমৰ লোক থানাখনত উপস্থিত হওঁতে তেওঁক পুনৰ কাপোৰ পিন্ধাই উলিয়াই আনে আৰু সকলোৰে আগত তেওঁক চেইন চােৰ সাজে। এই দৃশ্য দেখি আৰু আৰক্ষীৰ কথা শুনি তেওঁৰ পৰিয়াল আৰু ৭ বছৰীয়া পুত্ৰ আচৰিত হয়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে জনায় যে তেওঁৰ নিকটৱৰ্তী চৰাক্কালামত এক ডকাইতি কাণ্ড সংঘটিত হৈছিল। য’ত এগৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন চিঙি নিছিল স্কুটাৰত অহা দুৰ্বৃত্তই। সেই দৃশ্য বন্দী হৈছিল চিচি টিভিত। চিচি টিভিত বন্দী হোৱা দৃশ্য অনুসৰি সেই স্কুটাৰখন থাজুবিনৰ ঘৰৰ ফালেই গৈছিল। আৰু ডকাইতটোও দেখাত থাজুবিনৰ দৰেই আছিল। সেই দৃশ্যৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। বহুতে দৃশ্যটো দেখি কয় যে দৃশ্যটোত দেখা লোকজন থাজুবিনৰ দৰেই শিষ্ট-পুষ্ট।

থাজুবিনে কয় যে, “মই যদি তেনে কাম কৰিলোহেঁতেন মই হেলমেট পিন্ধি ললোহেঁতেন। দুদিনৰ পিছত মোৰ কন্যাৰ বিয়া। সেয়েহে সকলোৱে ভাবিলে মোৰ কন্যাৰ বিবাহ আৰু মোৰ পুত্ৰক পঢ়াবৰ বাবে মই সেই কাম কৰিছো।”

পৰৱৰ্তী সময়ত আৰক্ষীয়ে থাজুবিনক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় আৰু আদালতে ন্যায়িক জিম্মাত প্ৰেৰণ কৰে। এনেদৰে নিৰ্দােষী লােকজন মুঠ ৫৪ দিনৰ বাবে কাৰাগাৰতে থাকিবলগীয়া হয়।

থাজুবিনে জামিনত কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ পিছত পৰিয়াল আৰু বন্ধুৰ অনুৰোধত তেওঁৰ লগত হোৱা সমগ্ৰ ঘটনাটো ফেচবুকত লিখি শ্বেয়াৰ কৰে। তাৰ পিছতেই বহুতে তেওঁক এই কাণ্ডৰ বিৰুদ্ধে যুঁজিবলৈ সাহস দিয়ে।

তেনেতে এদিন হঠাতে থাজুবিনৰ ফেচবুক প’ষ্টটো পঢ়ি কাটাৰত থকা তেওঁৰ এজন স্থানীয় বন্ধুৱে ফোন কৰি জনালে যে থাজুবিনৰ ঘৰৰ ওচৰতেই তেওঁৰ দৰে দেখাত একেই এজন লোক আছে। যিজন তেনে বহুতো অপৰাধ কাণ্ডৰ লগত জড়িত। সেই লোকজনৰ ফেচবুকত থকা ফটো থাজুবিনলৈ প্ৰেৰণ কৰে বন্ধুজনে। লোকজনৰ নাম সাৰথ বালসৰজ বুলি জনায়। বন্ধুজনৰ সেই ফোনকলটো লাভ কৰাৰ পিছতেই থাজুবিনে নিজাববীয়া তদন্তত লাগি যায় আৰু সেই লোকজনৰ অৱস্থিতি তেওঁ ধৰা পেলায়। লগতে চিচি টিভিত বন্দী হোৱা দৃশ্যৰ লগত ফেচবুকৰ ফটোখন মিলাই চাই সেইজনেই প্ৰকৃত ডকাইতজন বুলি প্ৰমাণ কৰে। দুয়োখন ফটোতে সাৰথ নামৰ ডকাইতটোৰ কপালত থকা এটা দাগ স্পষ্টভাৱে ধৰা পৰে।

থাজুবিনে ডকাইতটোৰ সকলো তথ্য আহৰণ কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰে। সেই অনুসৰি স্থানীয় বিধায়ক টিভি ইব্ৰাহিমৰ সহায়ত থাজুবিন আৰু তেওঁৰ পৰিয়ালে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক সেই গোচৰৰ পুনৰ তদন্তৰ বাবে অনুৰোধ জনায়। তেওঁলোকৰ সেই কথাত সন্মন্তি জনায় বিভাগে উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ এক তদন্ত ঘোষণা কৰে। তদন্তত ধৰা পৰে যে সেই ঘটনাৰ প্ৰকৃত দোষী হৈছে সাৰথ।

তদন্তত এইটোয়ো ধৰা পৰে যে সাৰথ বহুতো চেইন ডকাইতি কাণ্ডৰ লগত জড়িত। সেই অনুসৰি আৰক্ষীয়ে সাৰথৰ পৰা সোণৰ চেইন আৰু সেই স্কুটাৰখন উদ্ধাৰ কৰে।

প্ৰকৃত দোষী ওলোৱাৰ পিছত থাজুবিনে স্থানীয় বিধায়কজনৰ সহযোগত কেৰেলা ৰাজ্যিক মানৱ অধিকাৰ আয়োগ, ৰাজ্যিক পিছপৰা শ্ৰেণীৰ আয়োগ আদি বিভিন্ন সংস্থাক গোচৰ দি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। সেই অনুসৰি আৰক্ষী উপ-মহাপৰিদৰ্শকে অভিযুক্ত উপ-পৰিদৰ্শক পি বিজুৰ তিনিবছৰৰ বৰ্ধিত দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়ে।

ইয়াৰোপৰি মহাপৰিদৰ্শক অশোক কুমাৰ যাদৱে বিজুৰ এবছৰৰ বৰ্ধিত দৰমহা বন্ধ কৰি দিবলৈ নিৰ্দেশ দিয়ে।
কিন্তু থাজুবিনে অভিযুক্ত আৰক্ষী উপ-পৰিদৰ্শক জনৰ বিৰুদ্ধে বিভাগে লোৱা ব্যৱস্থাত সন্তুষ্ট নহয়। সেয়েহে তেওঁ অপৰাধ সম্বন্ধীয় শাস্তিৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ দিয়াৰ কথা জনায়।

উল্লেখ্য যে এবছৰ পূৰ্বেই এই শাস্তি প্ৰদান কৰিছিল যদিও মইন আলি নামৰ এজন সমাজকৰ্মীৰ তথ্য জনাৰ অধিকাৰৰ এখন আবেদনৰ ভিত্তিত ১৫ দিন পূৰ্বে পোহৰলৈ আহে এই ঘটনা। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

পূৰ্ব নিৰ্ধাৰিত বিবাহৰ বাবে অমান্তি হােৱাত বাগদত্তাৰ ঘৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এজন আৰক্ষী জােৱানে!

এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ন্যায়ধীশ!

মধুচন্দ্ৰিকাৰ বাবে বিদেশলৈ গৈ কাৰাবাস খাটিবলগীয়া হ’ল এহাল দম্পতী! কাৰাগাৰতে জন্ম সন্তানৰ

চােৰৰ টাৰ্গেট ৰন্ধন গেছৰ চিলিণ্ডাৰ, টিভি, লেপটপ্, ম’বাইল! অৱশেষত জালত পৰিল আৰক্ষীৰ