মৰ্মান্তিক! কণমানি জিতুলৰ প্ৰাণ কাঢ়ি নিলে মাৰাত্মক জাপানীজ এনকেফেলাইটিছে…

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাত অব্যাহত আছে মাৰাত্মক জাপানীজ এনকেফেলাইটিছ ৰােগৰ আতংক।

এই ৰােগত সংক্ৰমিত হৈ ইতিমধ্যে শিশুকে ধৰি অৰ্ধ শতাধিক লােকৰ মৃত্যু ঘটিছে।

এইবাৰ কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত এটি ৭ বছৰীয়া শিশুৰ এই ৰােগত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

G1
মৰ্মান্তিক! কণমানি জিতুলৰ প্ৰাণ কাঢ়ি নিলে মাৰাত্মক জাপানীজ এনকেফেলাইটিছে... 2

শিশুটিৰ মৃত্যুক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে গভীৰ শােকৰ।

জানিব পৰা মতে, আমিনগাঁৱৰ ইষ্ট কলনীত ভাৰাতীয়া হিচাপে থকা ওদালগুৰি জিলাৰ জিতেন্দ্ৰ ৰাভাৰ সাত বছৰীয়া পুত্ৰ জিতুল ৰাভাৰ জাপানী এনকেফেলাইটিছত আক্রান্ত হৈছিল।

এই বেমাৰ চিনাক্ত হোৱাৰ পিছত শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আইচিইউত ভৰ্তি কৰা হয়।

বাৰ দিন মৃত্যুৰ সৈতে যুঁজ দিয়া শিশুটিৰ নিশা একমান বজাত চিকিৎসালয়তে মৃত্যু হয়।