মৰ্মান্তিক! এমাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল বিবাহ! ৰে’ল লাইনত কামৰ তদাৰক কৰি থকাৰ সময়তে প্ৰাণ গ’ল ৰে’লৱে বিষয়াৰ

নিউজ জেস্কঃ ৰে’লৱে ট্ৰেকৰ মেৰামতিৰ কামৰ তদাৰক কৰি থকাৰ সময়তে দ্ৰুতবেগী যাত্ৰীবাহী ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে ভাৰতীয় ৰে’ল সেৱাৰ এগৰাকী বিষয়াই!

এই শোকাবহ ঘটনা বৃহস্পতিবাৰে সংঘটিত হয় মধ্যপ্ৰদেশৰ আনুপুৰ জিলাৰ আমলাই ষ্টেছনৰ সমীপত।

জানিব পৰা মতে, সন্ধিয়া আমলাই ষ্টেছনৰ সমীপৰ ৰে’লৱে ট্ৰেকৰ মেৰামতিৰ কামৰ তদাৰক কৰি আছিল দক্ষিণ-পূব মধ্য ৰে’লৱেৰ বিলাসপুৰ সংমণ্ডলৰ বৈকুণ্ঠপুৰৰ এৰিয়া মেনেজাৰ যোগেন্দ্ৰ সিং ভাটীয়ে।

p3 4
মৰ্মান্তিক! এমাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল বিবাহ! ৰে’ল লাইনত কামৰ তদাৰক কৰি থকাৰ সময়তে প্ৰাণ গ’ল ৰে’লৱে বিষয়াৰ 4

ৰে’লৱে বিষয়া গৰাকীয়ে ৰে’ল পথৰ ওপৰত থিয় হৈ কামৰ তদাৰক কৰি থকাৰ সময়ততে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত কাটনিৰ পৰা বিলাসপুৰ অভিমুখী এখন ৰে’লে মহতিয়াই লৈ যায় যোগেন্দ্ৰ সিং ভাটীক। যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৰে’ল বিষয়াগৰাকীক।

p2 5
মৰ্মান্তিক! এমাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল বিবাহ! ৰে’ল লাইনত কামৰ তদাৰক কৰি থকাৰ সময়তে প্ৰাণ গ’ল ৰে’লৱে বিষয়াৰ 5

বিলাসপুৰ সংমণ্ডলৰ সংমণ্ডল ৰে’ল প্ৰবন্ধক আলোক চাহায়ে জনোৱা মতে, বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

বিষয়া-কৰ্মীক সতৰ্ক কৰি দিবলৈ কৰ্মস্থলীত স্থাপন কৰা লাউডস্পীকাৰটোৱে সন্মুখত অহা যিকোনো ৰে’লৰ বিষয়ে কিয় কাম কৰা নাছিল সেই বিষয়ে তদন্ত চলি আছে।

উল্লেখ্য যে, যোৱা ৮ জুনত বিবাহ পাশত আৱদ্ধ হৈছিল ভাটীয়ে। বিয়াৰ পিছত তেওঁ জবলপুৰলৈ বদলিৰ বাবে আবেদন কৰিছিল। কিন্তু বিয়াৰ এমাহ নৌহওতেই এনেদৰে ৰে’লৰ খুন্দাত ভাটীৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে তেওঁৰ নৱ বিবাহিতা পত্নী আৰু পৰিয়াল।

লগতে চাওকঃ

প্ৰেয়সীক লগ কৰিবলৈ বোৰ্খা পিন্ধি হোষ্টেলত প্ৰৱেশ প্ৰেমিকৰ, তাৰ পিছত ঘটিল এই ঘটনা…

G6 10
মৰ্মান্তিক! এমাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল বিবাহ! ৰে’ল লাইনত কামৰ তদাৰক কৰি থকাৰ সময়তে প্ৰাণ গ’ল ৰে’লৱে বিষয়াৰ 6