মৰ্মান্তিক! এখন বাইকেৰে গৈ আছিল একেটা পৰিয়ালৰ ৫ সদস্য, ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই কণমানি ভাতৃৰ, গুৰুতৰভাৱে আহত ৩ জন

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল দুই কণমানি ভাতৃয়ে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ দুমহীয়া সন্তান।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মাণ্ডা আৰক্ষী থানাৰ অন্তৰ্গত কোঠা গাঁৱৰ সমীপত।

জানিব পৰা মতে মণ্ডা থানা এলেকাৰ বাসিন্দা পাপ্পু সোণকাৰে পত্নী প্ৰিয়ংকা ওৰফে পিংকি সোণকাৰ আৰু তেওঁলোকৰ তিনি সন্তান সহিতে মেজা ৰোডৰ পৰা মাণ্ডা অভিমুখে বাইকেৰে গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী বাহনে তেওঁলোকৰ বাইকখন মহতিয়াই নিয়ে।

image 111
মৰ্মান্তিক! এখন বাইকেৰে গৈ আছিল একেটা পৰিয়ালৰ ৫ সদস্য, ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই কণমানি ভাতৃৰ, গুৰুতৰভাৱে আহত ৩ জন 3

যাৰ ফলত তেওঁলোকৰ দুই সন্তান খুশী (১০) আৰু প্ৰিয়ংশৰ থিতাতে মৃত্যু ঘটে। ইফালে বাহনৰ খুন্দাত পাপ্পু সোনকাৰ, পত্নী আৰু তেওঁলোকৰ দুমহীয়া সন্তানটো পথৰ দাঁতিত চিটিকি পৰাত কথমপি প্ৰাণ ৰক্ষা পৰে।

image 112
মৰ্মান্তিক! এখন বাইকেৰে গৈ আছিল একেটা পৰিয়ালৰ ৫ সদস্য, ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই কণমানি ভাতৃৰ, গুৰুতৰভাৱে আহত ৩ জন 4

অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত সুযোগ বুজি চাৰিচকীয়া বাহনখনৰ চালক আৰু যাত্ৰীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰৱৰ্তী সময়ত আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এই দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়।