নিউজ ডেস্কঃ মৃত্যুৰ যজ্ঞ পাতি ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত কৰি গ’ল এখন শিলভৰ্তি ডাম্পাৰে।
ৰাজ্যত ডাম্পাৰৰ দৌৰাত্ম্যক লৈ সাধাৰণ জনতা ভীতিগ্ৰস্ত হৈ থকাৰ সময়তে বিলাসীপাৰাত উদণ্ড ডাম্পাৰ চালকে একে লেথাৰিয়ে সংঘটিত কৰিলে চাৰিটাকৈ দুৰ্ঘটনা।
এই দুৰ্ঘটনাত ২ জন লোকৰ মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন তিনিজন লোক।
দুৰ্ঘটনাত নিহত লোক দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই যদিও ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় নছেৰ আলী, বিল্লাল হুছেইন আৰু শংকৰদেৱ বৰ্মন নামৰ লোক কেইজন।
জানিব পৰা মতে, দুৰ্ঘটনাত আহত শংকৰদেৱ বৰ্মন পেছাত এগৰাকী টেট শিক্ষক।

উদণ্ড ডাম্পাৰ চালকে তিনিখন বাইক আৰু এখন হুণ্ডাই আই টেন বাহনক খুন্দা মাৰি পলায়ন কৰে।
জানিব পৰা মতে, এএছ ১৭চি ৫৬৬৬ ডাম্পাৰখনে প্ৰথম দুৰ্ঘটনাটো সংঘটিত কৰে বিলাসীপাৰাৰ চিৰাকুটাত। তাৰ পিছতে ক্ৰমে যমদুৱাৰ, বাঙালীপাৰা আৰু মাছপাৰাত দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে চালকজনে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত উদণ্ড ডাম্পাৰ চালকজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।