fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! একেলগে ফুৰিবলৈ ওলাই গৈছিল ৪ বন্ধু, ৰাস্তাৰ মাজৰ গাঁতত দুৰ্ঘটনাত পতিত হৈ ৩ জনে হেৰুৱালে প্ৰাণ…

নিউজ ডেস্কঃ ৪ বন্ধুৱে একেলগে চাৰিচকীয়া বাহনেৰে ফুৰিবলৈ ওলাই যোৱাৰ পিছতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল তিনি বন্ধুৱে।

এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ নাচিক-সপুতৰা ঘাইপথত।

জানিব পৰা মতে, দুগৰাকী যুৱতী আৰু দুজন যুৱকে চাৰিচকীয়া বাহনেৰে ফুৰিবলৈ ওলাই যোৱাৰ সময়ত নাছিক-সপুতৰা ঘাইপথৰ বাণীৰ চৌছালে ফাটাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ বাহনখন পথৰ কাষৰ এটা গাঁতত সোমাই পৰে।

তীব্ৰবেগী বাহনখন গাঁতত পৰাৰ পিছতে বতাহত উফৰি পথৰ দাঁতিত বাগৰি পৰে।

যাৰ ফলত বাহনখনত থকা তিনি বন্ধুৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন এজন আহত হয়।

নিহত সকলক অঞ্জলি ৰাকেশ সিং (২৩), নোমন হাজীফুল্লা চৌধাৰী (২১), সৃষ্টি নৰেশ ভগত (২২) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে অজয় গৌতম (২০) নামৰ আন এজনক জীৱন্তে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!