মৰ্মান্তিক! একেলগে জ্বলিল একেটা পৰিয়ালৰ ৩ সদস্যৰ চিতা, শোকস্তব্ধ চামগুৰিবাসী

নিউজ ডেস্কঃ শোকৰ বন্যা নামিছে নগাঁও জিলাৰ চামগুৰিৰ পুৰণিগুদামৰ তেলিয়াগাঁৱত! ৰে’লৰ খুন্দাত নিহত একেটা পৰিয়ালৰ তিনি সদস্যৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে শোকত ভাগি পৰে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী।

উল্লেখ্য যে, দেওবাৰে পুৰণিগুদামৰ বিষয়াচুকত ৰে’ল আলি পাৰ হ’বলৈ লওতেই দ্ৰুতবেগী ৰে’লৰ ইঞ্জিনে মহতিয়াই নিছিল একেটা পৰিয়ালৰ তিনি সদস্যই যাত্ৰা কৰা টাটা জেষ্ট বাহনখন।

দুৰ্ঘটনাটোৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছিল চন্দ্ৰ কলিতা, তেওঁৰ পত্নী নীলিমা কলিতা আৰু একমাত্ৰ পুত্ৰ নীলাভ নয়ন কলিতাই।

photo1659358024
মৰ্মান্তিক! একেলগে জ্বলিল একেটা পৰিয়ালৰ ৩ সদস্যৰ চিতা, শোকস্তব্ধ চামগুৰিবাসী 4

জানিব পৰা মতে, এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল নীলাভ নয়নে।

মৰোণত্তৰ পৰীক্ষাৰ অন্তত সোমবাৰে তিনিওৰে মৃতদেহ তেলীয়াগাঁৱৰ স্বগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। অসংখ্য লোকে স্বগৃহত শেষ শ্ৰদ্ধাঞ্জলি জনায় পিতৃ-মাতৃ আৰু পুত্ৰক। ইয়াৰ পিছতে একেলগে শেষকৃত্য সম্পন্ন কৰা হয় পৰিয়ালটোৰ তিনি সদস্যৰ।

photo1659358162
মৰ্মান্তিক! একেলগে জ্বলিল একেটা পৰিয়ালৰ ৩ সদস্যৰ চিতা, শোকস্তব্ধ চামগুৰিবাসী 5

ইফালে এই শোকাবহ দুৰ্ঘটনাৰ বাবে ৰে’ল বিভাগৰ ওপৰত ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে। দুৰ্ঘটনা সংঘটিত স্থানত ৰে’ল গেট নিৰ্মাণৰ বাবে ৰাইজে বহুদিন ধৰি দাবী জনাই আহিছিল যদিও ৰে’ল কৰ্তৃপক্ষই ৰেলৱে ক্ৰচিঙটোত গাঁত খান্দি আহ-যাহ বন্ধহে কৰি দিছিল।

photo1659358188
মৰ্মান্তিক! একেলগে জ্বলিল একেটা পৰিয়ালৰ ৩ সদস্যৰ চিতা, শোকস্তব্ধ চামগুৰিবাসী 6

কিন্তু লাহে লাহে পুনৰ সেই গাঁত সমান হৈ পৰাত উক্ত পথেৰে পুনৰ যান-বাহন চলাচল আৰম্ভ হয়। যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈ একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যই প্ৰাণ হেৰুৱাবলগীয়া হ’ল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।