মৰ্মান্তিক! একেখন বাইকতে যাত্ৰা ৬ জনৰ, তীব্ৰবেগী টেম্প’ৰ খুন্দাত মৃত্যু শিশুসহ ৪ জনৰ…

নিউজ ডেস্কঃ একেখন বাইকেৰে ৬ জনকৈ যাত্ৰী যাত্ৰা কৰাৰ সময়তে তীব্ৰবেগী টেম্প’ৰ খুন্দাত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল বাইক আৰোহী ৪ জনে।

এই মৰ্মান্তিক দুৰ্ঘটনা শনিবাৰে সন্ধিয়া সংঘটিত হয় মহাৰাষ্ট্ৰৰ লাটুৰত।

আৰক্ষীৰ প্ৰাৰম্ভিক বিবৃতি অনুসৰি দুৰ্ঘটনাটোত দুটি শিশুসহ ৪ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন দুটি শিশু গুৰুতৰভাৱে আহত হয়।

বাতৰি অনুসৰি, শিশুসহ ৬ জনে একেখন মটৰ বাইকত ভুল দিশেৰে গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী টেম্প’ই তেওঁলোকক মহটিয়াই নিয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ সময়ত লাটুৰৰ পৰা কালাম অভিমুখে গৈ আছিল লোক কেইজনে।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত শিশু দুটিক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।