
নিউজ ডেস্কঃ একমাত্ৰ পুত্ৰৰ বিয়া। ৰভাঘৰত এক্ষন্তেক জিৰণি লোৱাৰ আজৰি নথকাকৈ কাম আৰু কাম…। পৰিয়ালৰ কোনো এজন সদস্যৰে গাত তত নাই। ইজন সিজনকৈ মিতিৰ-কুটুম্বৰে ঘৰ ভৰিছে। ৰান্ধনীক ইটো সিটো যোগান ধৰাৰ পৰা ভকতৰ আল পৈচানলৈকে সকলো খিনি কৰিবলগা হৈছে। ভাগৰ লাগিছে… কিন্তু অনুভৱ হোৱা নাই। একমাত্ৰ পুত্ৰৰ বিয়াত নিজে নকৰিলে কৰিব কোনে?
এয়া নগাঁও জিলাৰ বটদ্ৰৱাৰ সৰুহিছা গাঁৱৰ নৱজ্যোতি খাটনিয়াৰৰ বিয়াৰ কাহিনী। মঙলবাৰে আছিল বিয়াখন। পৰিয়ালৰ সকলো সদস্য বিয়াৰ আয়োজনত ব্যস্ত থকাৰ সময়তে ঘটিল এক অঘটন! বিয়াৰ উখল মাখল পৰিৱেশৰ মাজতে হঠাৎ ঢলি পৰিল দৰাৰ পিতৃ উমা খাটনিয়াৰ।

লগে লগে বিয়াঘৰত হাহাকাৰ লাগে। একাংশ অত্মীয় স্বজন আৰু পৰিয়ালৰ লোকে উমা খাটনিয়াৰক তাৎক্ষণিকভাৱে চিকিৎসাৰ বাবে নগাঁৱলৈ লৈ যায় যদিও চিকিৎসালয় গৈ পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয় ব্যক্তিজনে।
পুত্ৰৰ বিয়াৰ দিনাই উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ পিতৃৰ এনেদৰে আকস্মিক মৃত্যু ঘটাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে শোকাকুল পৰিৱেশৰ।

জানিব পৰা মতে, অসম আৰক্ষীৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া উমা খাটনিয়াৰে চাকিৰৰ পৰা অৱসৰ গ্ৰহণৰ পিছতে বটদ্ৰৱাৰ বিভিন্ন সামাজিক, সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰিছিল। বটদ্ৰৱা থান পৰিচালনা সমিতিৰো কাৰ্যকৰী সদস্য খাটনিয়াৰৰ মৃত্যুত শোকবিহ্বল হৈ পৰিছে বটদ্ৰৱাবাসী।