অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! ইনভাৰ্টাৰৰ বেটাৰী বিস্ফোৰণৰ ফলত সংঘটিত অগ্নিকাণ্ডত নিঃশেষ হ’ল এটা পৰিয়াল, ৩ মহীয়া শিশুসহ মৃত্যু ৬ জনৰ…

নিউজ ডেস্কঃ বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে জ্বলি নিঃশেষ হ’ল এটা পৰিয়াল!

মঙলবাৰে নিশা উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ পাধাম চহৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত জ্বলি ছাই হৈ যায় একেটা পৰিয়ালৰ শিশুসহ ৬ জনকৈ সদস্য।

জানিব পৰা মতে, নিশা পাধাম চহৰৰ নিৱাসী ৰমন প্ৰকাশৰ দুমহলীয়া অট্টালিকাটোত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

image 212

পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ দীৰ্ঘসময় চেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

এই অগ্নিকাণ্ডত নিহত সকলৰ ভিতৰত আছে এটি তিনিমহীয়া শিশুসহ তিনিটা শিশু।

অগ্নিকাণ্ডত নিহত সকলক ৰমন প্ৰকাশৰ পুত্ৰ মনোজ কুমাৰ, মনোজৰ পত্নী নীৰজ, পুত্ৰ হৰ্ষ আৰু ভাৰত, ৰমন প্ৰকাশৰ কনিষ্ঠ পুত্ৰ নীতিনৰ পত্নী শিৱানী আৰু তেওঁলোকৰ তিনিমহীয়া কন্যা তেজস্বী বুলি চিনাক্ত কৰা হৈছে।

image 213

অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনোৱা মতে, অগ্নিকাণ্ডত আটাই কেইজনৰে শৰীৰ সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হৈ পৰাত চিনাক্ত কৰাতো অসুবিধাৰ সৃষ্টি হৈছিল।

ৰমন প্ৰকাশৰ ঘৰত থকা ইনভাৰ্টাৰৰ বেটাৰী বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত এই অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছিল।

পুৱা অগ্নিদগ্ধ অট্টালিকাটোৰ পৰা নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰে।

Related Articles

Back to top button