মৰ্মান্তিক! আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়ালৈ গৈ থকা সময়তে ভয়ংকৰ পথ দুৰ্ঘটনা, ৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ গৈ থকা সময়তে সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪ জনকৈ লোকে। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ছিণ্ডৱাড়াৰ নাগপুৰ-ভূপাল পথত।

জানিব পৰা মতে, এগৰাকী আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ পৰিয়ালটোৱে ভূপালৰ পৰা ছিণ্ডৱাড়াৰ পাণ্ডুৰ্ণালৈ গৈ থকা সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।

image 14
মৰ্মান্তিক! আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়ালৈ গৈ থকা সময়তে ভয়ংকৰ পথ দুৰ্ঘটনা, ৪ জনৰ মৃত্যু 2

পৰিয়ালটোৱে গৈ থকা বাহনখনত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাত বাহনখনত পথৰ দাঁতিত উফৰি পৰে। দুৰ্ঘটনাৰ ফলত ৪ জন লোকৰ থিতাতে মৃত্যু ঘটে।

ইফালে এই দুৰ্ঘটনাত এটি কণমানি শিশু গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে আৰক্ষীৰ দল উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে পাণ্ডুৰ্ণা অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে।

এই ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।