
নিউজ ডেস্কঃ আত্মীয়ৰ বিয়াৰ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পিতা-পুত্ৰৰ।
এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মীৰগঞ্জৰ বৰাৱন বন্ধোৱা বজাৰত।
দুৰ্ঘটনাত আন ৫ জন লোকো গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, যোৱা ১১ নৱেম্বৰত বৰৱা বন্ধোৱা বজাৰৰ নিবাসী মহম্মদ তাৰিকে নিজৰ গাড়ীৰে পৰিয়ালৰ সৈতে লক্ষ্ণৌত বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈছিল।
আত্মীয়ৰ বিয়াৰ পৰা সোমবাৰে পৰিয়ালটোৱে ঘৰলৈ উভতি অহাৰ পথতে ৰায়বৰেলী-জৌনপুৰ ঘাইপথৰ বৰাৱন বন্ধোৱা বজাৰত বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় দুৰ্ঘটনাটো।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পৰিয়ালটোৱে আহি থকা বাহনখনৰ সন্মুখত হঠাৎ এজন বাইক আৰোহী উপস্থিত হোৱাত বাইক আৰোহীজনক বচাবলৈ গৈ এখন ট্ৰাকত খুন্দা মাৰে।
দুৰ্ঘটনাত মহম্মদ তাৰিক (৩৫) আৰু তেওঁৰ ২ বছৰীয়া পুত্ৰ আয়ুবৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ইফালে এই দুৰ্ঘটনাত আহত হয় তাৰিক ভাতৃ ৱাদুদৰ পত্নী ছাবিনা বানো (৪২), তাৰিকৰ পত্নী খুছবু (২৮), তাৰিকৰ পুত্ৰ ইউছুফ (৬) আৰু ইব্ৰাহিম (৪) আৰু ৱাদুদৰ কন্যা ইফ্ৰা (৮)।
দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে আহত কেইজনক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।
লগতে চাওকঃ
মৰ্মান্তিক! পথ পাৰ হ’বলৈ লওতেই দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে মাতৃ-কন্যাক, কন্যাৰ মৃত্যু

