মৰ্মান্তিক! আত্মীয়ৰ বিয়ালৈ যোৱাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনা, তিনিবছৰীয়া শিশুসহ মৃত্যু একেটা পৰিয়ালৰ ২ সদস্যৰ…

নিউজ ডেস্কঃ আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ৰে’লৱে অভাৰব্ৰীজৰ সীমাৰ বেৰত খুন্দা মাৰি বাগৰি পৰিল এছইউভি বাহন।

এই শোকাবহ দুৰ্ঘটনাত একেটা পৰিয়ালৰ এটি তিনিবছৰীয়া শিশুসহ দুজন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আন ৩ জন গুৰুতৰভাৱে আহত হয়।

বৃহস্পতিবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় তামিলনাডুৰ সময়ানল্লুৰৰ সমীপত।

জানিব পৰা মতে, বাংগালুৰুৰ নিৱাসী আই কৃষ্ণ কুমাৰে (৩৫) পৰিয়ালৰ সৈতে আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ ল’বলৈ ৰামেশ্বৰম অভিমুখে গৈ আছিল।

কিন্তু পুৱা ঘন কুঁৱলী আৰু তীব্ৰ বেগৰ বাবে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই সময়ানল্লুৰৰ সমীপত এখন ৰে’লৱে অভাৰব্ৰীজৰ সীমাৰ ৱালত প্ৰচণ্ড জোৰে খুন্দা মাৰি বাগৰি পৰে।

এই মৰ্মান্তিক দুৰ্ঘটনাটোত আই কৃষ্ণ কুমাৰৰ শাহুৱেক নিৰ্মলা (৫৫) আৰু তিনিবছৰীয়া পুত্ৰ কে সন্থীৰৰ থিতাতে মৃত্যু ঘটে।

দুৰ্ঘটনাত কৃষ্ণ কুমাৰৰ লগতে পত্নী আৰু পৰিয়ালৰ আন এজন সদস্য গুৰুতৰভাৱে আহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।