মৰ্মান্তিক! আত্মীয়ৰ বিয়াৰ পৰা ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ ৩ সদস্যৰ…

নিউজ ডেস্কঃ বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰ ৩ সদস্যৰ।

বৃহস্পতিবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ ঘাইপথত।

জানিব পৰা মতে, থানে জিলাৰ কল্যানৰ বাসিন্দা পৰিয়ালটোৱে গুজৰাটত আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লৈ ঘৰলৈ ওভতি অহাৰ সময়তে মুম্বাই-আহমেদাবাদ ঘাইপথত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

এই দুৰ্ঘটনাটোত পৰিয়ালটোৰ এগৰাকী ৮০ বছৰীয়া বৃদ্ধ সহ ৩ জনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

ইফালে ঘটনাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিহত কেইজনৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।