মৰ্মান্তিক! আত্মীয়ৰ ঘৰত আয়োজিত অনুষ্ঠানলৈ গৈ থকা সময়তে ভয়ংকৰ পথ দুৰ্ঘটনা, পিতা-পুত্ৰৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ পৰিয়ালৰ সৈতে আত্মীয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে যোৱাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু পিতা-পুত্ৰৰ।

মঙলবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় তামিলনাডুৰ ত্ৰিচীৰ ত্ৰিচী-থুৰাইয়ুৰ পথৰ কাৰটামপট্টিত।

নিহত পিতা-পুত্ৰহালক মুছৌৰীৰ সমীপৰ কৰটামপট্টিৰ এছ মণি (৩২) আৰু তেওঁৰ দুবছৰীয়া পুত্ৰ এম বিষ্ণু বুলি চিনাক্ত কৰা হৈছে।

ইফালে দুৰ্ঘটনাত আহত হয় এছ মণিৰ পত্নী এম সাৰন্যা (৩০), তেওঁলোকৰ ছমহীয়া সন্তান থাকছন, আত্মীয় এম সুগণ্য (৩২), ভি পবিত্ৰ (৩৫) আৰু পবিত্ৰৰ পুত্ৰ ভি মিঠুন (৭ মাহ)।

জানিব পৰা মতে, পৰিয়ালটোৱে আত্মীয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা আন এখন চাৰিচকীয়া বাহনৰ সৈতে তেওঁলোকৰ মুখামুখি সংঘৰ্ষ ঘটে।

এই দুৰ্ঘটনাত এছ মণি আৰু দুবছৰীয়া পুত্ৰৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত সকলক স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱায়।