মৰ্মান্তিক! আইতাকৰ সৈতে মোবাইলত ভিডিঅ’ চাই থাকোতেই হঠাৎ ঘটিল বিস্ফোৰণ, মৃত্যু ৮ বছৰীয়া আদিত্যাৰ…

নিউজ ডেস্কঃ মোবাইলত ভিডিঅ’ চাই থাকোতেই হঠাৎ বিস্ফোৰণ ঘটি কৰুণ মৃত্যুক সাৱটিলে এটি ৮ বছৰীয়া কণমানিয়ে।

এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ থিৰুভিলৱামালত।

নিহত কণমানিটিক পাঝায়ুন্নুৰ ব্লক পঞ্চায়তৰ প্ৰাক্তন সদস্য অশোক কুমাৰ আৰু সৌম্যাৰ ৮ বছৰীয়া কন্যা আদিত্যা শ্ৰী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, সোমবাৰে নিশা ঘৰত আইতাকৰ সৈতে মোবাইলত ভিডিঅ’ চাই আছিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী আদিত্যাই।

আইতাকে কিছু সময় পিছত আদিত্যাৰ কাষৰ পৰা উঠি পাকঘৰলৈ যোৱাৰ সময়তে হঠাৎ ফোনটো বিস্ফোৰণ ঘটে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে মৃত্যু ঘটে কণমানিটিৰ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যিটো মোবাইল ফোন বিস্ফোৰণ ঘটিছিল, সেই মোবাইলটো তিনিবছৰ পূৰ্বে ক্ৰয় কৰিছিল আদিত্যাৰ ককাকে।

এবছৰ পূৰ্বে একেখন দোকানতে সলনি কৰা হৈছিল বেটাৰীটো।

আদিত্যাই দীৰ্ঘসময় ধৰি ভিডিঅ’ চাই থকাৰ ফলত বেটাৰী গৰম হৈ এই বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।