
মৰ্মান্তিক! অহা জুলাই মাহত ঠিক হৈছিল বিয়াৰ দিন, পথ দুৰ্ঘটনাত ভাতৃসহ কৰুণ মৃত্যু যুৱতীৰ
April 2, 2021নিউজ ডেস্ক। পথ দুৰ্ঘটনাই মুহূৰ্ততে নিঃশেষ কৰি পেলাইছে বহু পৰিয়াল। নিতৌ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছে বহু নিৰীহ লােকে, চিৰ জীৱনৰ বাবে ঘূণীয়া হৈছে অসংখ্য লােক।
তেনে এক নিদাৰুণ ঘটনাৰ বাবে হাহাকাৰ লাগিছে এটা পৰিয়ালত। অহা জুলাই মাহত বিয়াত বহিবলগীয়া এগৰাকী যুৱতী তথা কনিষ্ঠ ভাতৃয়ে অকালতে প্ৰাণ হেৰুৱালে এক শােকাৱহ পথ দুৰ্ঘটনাত।

এই কৰুণ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত।
জানিব পৰা মতে, চাহাৰনপুৰৰ অম্বালা ৰোডৰ এখন দলঙৰ ওপৰত এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বাইকত থকা ভাতৃ-ভগ্নীক। দুয়োজনৰ ঘটনাস্থলীত মৃত্যু ঘটে।
জানিব পৰা মতে, বাইকত উঠি তেওঁলােকে এখন বিয়াৰ অনুষ্ঠান অংশ লৈ ঘৰলৈ উভতি আহিছিল। তেনে সময়তে নিশা প্ৰায় ১১.৩੦ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
এখন তীব্ৰবেগী ট্ৰাকে তেওঁলােকৰ বাইকখনক পিছফালৰ বাবে তীব্ৰবেগত খুন্দিওৱাৰ ফলতে ৱাছিম আঞ্চাৰী (১৭) আৰু ভগ্নী ৰেশমা (১৯) ৰ থিতাতে মৃত্যু ঘটে।
ইতিমধ্যে, আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰিছে।
জুলাই মাহত বিয়াত বহাৰ কথা আছিল ৰেচমাৰ
ৰেশমাৰ বিয়া অহা জুলাই মাহত অনুষ্ঠিত হােৱাৰ কথা আছিল। মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালটােৱে জ্যেষ্ঠ কন্যাগৰাকীৰ বিয়াৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছিল।
যুৱতীগৰাকীৰ মৃত্যুৃৱে এই পৰিয়ালটােলৈ নমাই আনিলে ঘােৰ অমানিশা।
ঘৰৰ জ্যেষ্ঠ পুত্ৰ আছিল ৱাচিম
ৱাচিমৰ আৰু দুজন সৰু ভাতৃ আছে। যুৱকজনে পিতৃৰ কামত সহায় কৰি পৰিয়ালটাে পােহপাল দিবলৈ যত্ন কৰিছিল।
লগতে চাওকঃ