নিউজ ডেস্কঃ পথৰ দাঁতিৰ বিদ্যুতৰ খুঁটা অসাৱধানবশতঃ স্পৰ্শ কৰাৰ পিছতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল’লে এটি ১০ বছৰীয়া কণমানিয়ে।
এই শোকাবহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ধূলে জিলাত।
চিচিটিভি কেমেৰাত বন্দী হোৱা শিশুটিৰ এই শোকাবহ মৃত্যুৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে মৰ্মাহত কৰিছে সকলোকে।
চিচিটিভিত বন্দী হোৱা ভিডিঅ’টোত দেখা গৈছে যে এটা শিশুৱে খুঁটা এটাৰ ওচৰত বহি আছিল, তাৰ পিছত তেওঁ উঠি ওচৰতে বহি থকা আন মানুহৰ ওচৰলৈ যায়।
কিন্তু উভতি আহি থাকোঁতে খুঁটাটো স্পৰ্শ কৰে আৰু বিদ্যুৎস্পৃষ্ট হৈ লাগি ধৰে। যাৰ ফলত অকাল মৃত্যুক সাৱটি লয় শিশুটিয়ে।
এই দুৰ্ঘটনাটো দেখি ইফালে সিফালে বহি থকা সকলো মানুহ সজাগ হৈ পৰে আৰু সময়মতে তাৰ পৰা আঁতৰি যায়। যাৰ বাবে তেওঁলোকৰ জীৱন ৰক্ষা পৰে।
দুৰ্ঘটনাৰ পিছতে শিশুটিক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত থকা চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
এই বেদনাদায়ক ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে মহাবিতৰন বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
महाराष्ट्र के धुले में बिजली का करंट लगने से एक बच्चे की दर्दनाक मौत..बिजली के खम्भे में अचानक से करेंट उतरने से 10 साल का बच्चा खम्भे में चिपक गया..जिससे उसकी मौत हो गई..पूरी घटना सीसीटीवी में कैद@indiatvnews @SpDhule @CMOMaharashtra pic.twitter.com/wGa2y6TnQL
— Atul singh (@atuljmd123) January 19, 2023