Mon. Nov 23rd, 2020

নিউজ ডেস্ক। মানুহ আৰু বন্যপ্ৰাণী উভয়ৰ বাবেই বিপজ্জনক অবৈধ বৈদ্যুতিক ফান্দ।

একাংশ কাণ্ডজ্ঞানহীন লােকে খেতিডৰাৰ সুৰক্ষাৰ নামত অবৈধভাৱে বিদ্যুৎ সংযােগ কৰি এনে মৰণফান্দ স্থাপন কৰি আহিছে।

পুনৰ এনে মৰণফান্দত পৰি প্ৰাণ হেৰুৱালে এটা দঁতাল হাতীয়ে।

এইবাৰ ঘটনাৰ স্থান চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২নং খাচিবাৰী।

জানিব পৰা মতে, যোৱানিশা ২ নং খাচিবাৰীৰ সুশীল নাৰ্জাৰীৰ কৃষিভূমিত সংঘটিত হয় এই দুৰ্ঘটনাটো।

ইতিমধ্যে এই কৰুণ ঘটনা সন্দৰ্ভত পাণবাৰীৰ বন বিভাগে সুশীল নাৰ্জাৰী আৰু সম্বাৰু বসুমতাৰীক আটক কৰিছে।

ঘটনাস্থলীত বন বিভাগৰ চিকিৎসক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত যাৱতীয় কাম-কাজ সম্পন্ন কৰি মৃত হাতীটোক সমাধিস্থ কৰে।

ইফালে ২ নং খাচিবাৰীৰ স্থানীয় লোকে বন বিভাগৰ তৰফৰ পৰা বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰে। আনফালে উক্ত অঞ্চলত প্ৰতিদিনেই মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ওলাই আহে বুলি জানিব দিয়ে।