মৰ্মান্তিক! অক্সিজেনৰ অভাৱত এজন চিকিৎসক সহ ৮ ৰোগীৰ কৰুণ মৃত্যু

May 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক মৰ্মান্তিক ঘটনা। অক্সিজেনৰ অভাৱত এজন চিকিৎসক সহ ৮ কোৰোনা ৰোগীৰ মৃত্যু হ’ল নতুন দিল্লীৰ বাত্ৰা চিকিৎসালয়ত।

জানিব পৰা মতে, শনিবাৰে দুপৰীয়া প্ৰায় ১ ঘন্টা ২০ মিনিট সময় চিকিৎসালয়ত অক্সিজেনৰ কোনো সৰবৰাহ হোৱা নাছিল।

সেই সময়ত চিকিৎসালয়খনত ৬ জন ৰোগী আই চি ইউত ভৰ্তি হৈ আছিল। বাকী ২ জন ৰোগী আন ৱাৰ্ডত আছিল।

মৃত্যু হোৱা চিকিৎসকজন আছিল সেই চিকিৎসালয়ৰে গেষ্ট্ৰএন্ত্ৰলজী বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ আৰ কে হিমাথানি। অক্সিজেনৰ অভাৱত মৃত্যু হয় আটাইকেইজনৰ।

চিকিৎসালয়খনত মুঠ ৩০০ জন কোৰোনা ৰোগী ভৰ্তি হৈ আছিল। শনিবাৰে দুপৰীয়া অক্সিজেনৰ অভাৱ ঘটে চিকিৎসালয়খনত।

বাত্ৰা চিকিৎসালয়ৰ স্বাস্থ্য সঞ্চালক এছ চি এক গুপ্তাই কয়, “প্ৰায় এক সপ্তাহ ধৰি আমাৰ প্ৰতিদিনেই অক্সিজেনৰ অভাৱ হৈছে। অক্সিজেন লাভৰ বাবে বহুতো চেষ্টা কৰো। তেনেদৰে অক্সিজেন লাভ কৰো। সদায় অক্সিজেন লাভৰ বাবে খুব পলম হলে ১০/১৫ মিনিট পলম হয়। কিন্তু আজি ডেৰ ঘণ্টা সময় দেৰি হোৱাৰ বাবেই ৰোগী কেইজনৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগল। এইয়া অত্যন্ত দুখৰ কথা যে আমাৰ সন্মুখতেই আটাইকেইজনৰ প্ৰাণ হেৰালে।”

লগতে চাওকঃ

ক’ভিড-১৯ত আক্ৰান্ত হৈ দিল্লীত অসমৰ চিকিৎসকৰ মৃত্যু, পত্নীও আক্ৰান্ত