অসম

মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা! ৭০ বছৰীয়া বৃদ্ধক উন্মত্ত লোকৰ দলৱদ্ধ প্ৰহাৰ, বিহিলে জৰিমনা…

এক চাঞ্চল্যকৰ মৰেল পুলিচিঙৰ ঘটনা।

ধাননি পথাৰত বিহ দি হাঁহ নিধন কৰাৰ সন্দেহত ৭০ বছৰীয়া এজন বৃদ্ধসহ আন এজন লোকক উন্মত্ত লোকৰ দলৱদ্ধ আক্ৰমণ।

গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ দয়ালপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

জানিবলৈ পোৱা মতে যোৱা ১০ আগষ্টত দয়ালপুৰ যোগেচি পথাৰ গাঁৱত সংঘটিত হৈছিল ঘটনাটো। পোন্ধৰ জনীয়া এটা দলে বগা বসুমতাৰী নামৰ বৃদ্ধজনক মাৰপিট কৰে।

অভিযোগ অনুসৰি বগা বসুমতাৰী নামৰ ৭০ বছৰীয়া বৃদ্ধা গৰাকীয়ে পথাৰত বিহ দি কেইবাটাও হাঁহ নিধন কৰিছে। সেয়েহে বৃদ্ধ জনক ১৫ জনীয়া যুৱকৰ দলটোৱে গুৰোলা গুৰুলকৈ প্ৰহাৰ কৰে।

৭০ বছৰীয়া বৃদ্ধা জনৰ লগতে হাইঠা বসুমতাৰী নামৰ আন এজনকো নিৰ্মমভাৱে প্ৰহাৰ কৰে পোন্ধৰজনীয়া দলটোৱে।

কেৱল মাৰপিটতে ক্ষান্ত নাথাকি ৰাজহুৱা স্থানত গাৰ কাপোৰ খুলি বহুসময় ধৰি কলহেৰে পানী ঢালি নাৰকীয় শাস্তি দিয়ে নিৰ্যাতনকাৰী দলটোৱে।

বহুসময় ধৰি মাৰপিট কৰাৰ ফলত বৃদ্ধ বগা বসুমতাৰীৰ লগতে হাইঠা বসুমতাৰীৰ শৰীৰ তেজেৰে তুমুৰুলি হৈ পৰে।

পাছত নিৰ্যাতনকাৰীৰ দলটোৱে দোয়োকে কোবাই কোবাই চাৰি কিলোমিটাৰ নিলগৰ তেলীশাল তিনিআলিলৈ নি পুনৰ ৰাজহুৱা বিচাৰ আৰম্ভ কৰে।

ৰাজহুৱা বিচাৰত দোয়োকে ১৪৫০০/-টকা জৰিমনা বিহাৰ লগতে আগন্তুক এটা সপ্তাহৰ ভিতৰত জৰিমনাৰ ধন পৰিশোধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

সামাজিক মাধ্যমত নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতহে ঘটনাটো পোহৰলৈ আহে।

ঘটনা সন্দৰ্ভত ভুক্তভোগী বগা বসুমতাৰীয়ে মেৰাপানী আৰক্ষী থানাত নিৰ্যাতনকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

সভ্য সমাজত ঘটা এই বৰ্বৰোচিত ঘটনাক এতিয়া সকলোৱে ধিক্কাৰ প্ৰদান কৰিছ।

Related Articles

Back to top button