মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এৰিব দেহৰক্ষী, ক’লে এই কথা….

নিউজ ডেস্ক। এইবাৰ দেহৰক্ষী এৰিব মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

এক পত্ৰযোগে আৰক্ষী সঞ্চালকপ্ৰধান আৰু জিলা আৰক্ষী অধীক্ষকক বিধায়কগৰাকীয়ে দেহৰক্ষী প্ৰত্যাহাৰৰ বিষয়ে অৱগত কৰিছে।

বিধায়কগৰাকীয়ে অসমলৈ শান্তি ঘূৰি আহিছে বুলি পত্ৰখনত উল্লেখ কৰিছে।

Congress-MLA-Rupjyoti-Kurmi-addressing-the-media-during-the-autumn-Assembly-session-at-Assam-Legisla

১ ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোতে বিধায়কগৰাকীয়ে দেহৰক্ষীক বিদায় জনাব।

উল্লেখ্য যে, ৰাজ্যৰ বিধায়কসকলক দেহৰক্ষী এৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিধায়কগৰাকীৰ সৈতে অসম আৰক্ষীৰ তিনিজন আৰক্ষী জোৱান দেহৰক্ষীৰূপে নিয়োজিত হৈ আছিল।

লগতে চাওকঃ

ভূপেন বৰাৰ কবিতাৰ সৈতে কি সম্পৰ্ক মিষ্টাৰ ৰাজকুমাৰৰ? ক’লে বিধায়ক জয়ন্ত মল্ল বৰুৱাই…

G1

Leave a Comment