মৰিয়নিৰ চটাই পৰ্বতত গদাধৰ নাম খোদিত হিলৈ উদ্ধাৰ…

মৰিয়নিৰ ঐতিহাসিক গাভৰু পাহাৰৰ নামনিৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ চটাই পৰ্বতৰ তেলপুঙত শুকুৰবাৰে বিয়লি উদ্ধাৰ হয় প্ৰাচীন কালত যুদ্ধত ব্যৱহৃত এটা হিলৈ।

জানিব পৰা মতে, স্থানীয় চটাই চাহ বাগিচাৰ পাঁচজন যুৱকে পাহৰৰ মাজৰ নদীত মৎস্য চিকাৰ কৰিবলৈ যাওঁতে বনাঞ্চলৰ মাজৰ তেলপুং নামৰ পাহাৰীয়া নদীখনৰ মাজত উদ্ধাৰ কৰে হিলৈটো।

নদীখনৰ বালিত সোমাই থকা হিলৈটোৰ পিছৰ অংশ যুৱককেইজনে প্ৰত্যক্ষ কৰি দাঙি দিয়াত হিলৈটো উদ্ধাৰ হয়।

অনুমান কৰা মতে পাহাৰৰ ওপৰৰ অংশত থকা হিলৈটো পাহাৰৰ মাটি খহি হয়তো নদীত পৰি ৰৈছিল।

উল্লেখ্য যে আহোম ৰাজত্বকালত গদাধৰ সিংহই ল’ৰাৰজাৰ নিৰ্যাতনৰ পৰা বাচিবলৈ নগা পাহাৰলৈ চটাই পৰ্বত হৈ পলাই গৈছিল বুলি বুৰঞ্জীত উল্লেখ আছে।

image 70
মৰিয়নিৰ চটাই পৰ্বতত গদাধৰ নাম খোদিত হিলৈ উদ্ধাৰ... 2

ইয়াৰ উপৰি গদাধৰ সিংহক বিচাৰি আহোম সেনাই সেই সময়ত চটাই পৰ্বতৰ ঘন জংঘলত ছাউনি পাতিছিল বুলিও প্ৰবাদ আছে।

আজি উদ্ধাৰ হোৱা হিলৈটো সেই সময়ৰ আহোম সেনাই ব্যৱহাৰ কৰানে পৰৱৰ্তী পৰ্যায়ত কোনোবাই আনিছিল  সেই বিষয়ে কোনো তথ্য নাই যদিও ইতিহাসবিদৰ বাবে হিলৈটোৱে নতুন তথ্য উন্মোচন কৰাত সহায় কৰিব।

আনহাতে প্ৰায় ২০ কেজি ওজনৰ হিলৈটোৰ গাৰ মাজ অংশত অস্পষ্ট ৰূপত গদাধৰ নাম খোদিত থকা দেখিবলৈ পোৱা গৈছে।

হিলৈটো উদ্ধাৰ সম্পৰ্কে মৰিয়নি ৰাজহ চক্ৰ বিষয়াক অৱগত কৰাত প্ৰশাসনে হিলৈটো সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।