মৰসাহ! থানাৰ সন্মুখতে ড্ৰাগছ বেচিবলৈ আহি আৰক্ষীৰ জালত সৰবৰাহকাৰী…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে বৃহস্পতিবাৰে নিশা হাইলাকান্দিত আৰক্ষীয়ে জব্দ কৰিলে ড্ৰাগছ।

নিষিদ্ধ ড্ৰাগছ বেচিবলৈ আহি হাতে–লোটে ধৰা পৰিল এটা ড্ৰাগছ সৰবৰাহকাৰী।

ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আব্দুল্লা ৰহমান বড়ভূঞা।

থানাৰ সম্মুখতে ড্ৰাগছ বেচিবলৈ আহি হে’ৰইনসহ আৰক্ষীৰ জালত পৰিল এজন ড্ৰাগছ সৰবৰাহকাৰী।

এই আব্দুল্লা ৰহমান বড়ভূঞা নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ ওপৰত দীৰ্ঘদিনৰ পৰা চকু ৰাখিছিলে হাইলাকান্দি আৰক্ষীয়ে।

যোৱানিশা হাইলাকান্দি সদৰ থানাৰ ঠিক সন্মুখতে থকা বজাৰত ড্ৰাগছ বেচিবলৈ আহোতেই আৰক্ষীয়ে কৰায়ত্ত কৰে সৰবৰাহকাৰীটোক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে মুঠ ৫.৩৪ গ্ৰাম সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় হাইলাকান্দি আৰক্ষী।