
নিউজ ডেস্কঃ বৰদিনৰ দিনাই পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল ২ যুৱকে।
দেওবাৰে পুৱা কেৰালাৰ কুণ্ডাৰাত এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ দাঁতিৰ এজোপা গছত।
ইফালে গছৰ খুন্দা মাৰিয়েই চাৰিচকীয়া বাহনখন দপদপকৈ জ্বলি উঠাত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয় আৰোহী দুজন যুৱকে।
নিহত যুৱক দুজনক কুণ্ডাৰাৰ জবিন ডি’ক্ৰুজ আৰু পেৰায়ামৰ নিৱাসী এঞ্জেল ষ্টিফেন বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱক দুজনে কোট্টিয়ামৰ পৰা কুণ্ডাৰালৈ গৈ থকা অৱস্থাত বলিয়াপালমৰ কুণ্ডাৰা পেৰুম্পুজা ছ’চাইটিৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰি জ্বলি উঠে।
আৰক্ষীয়ে তীব্ৰ বেগৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে।
পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ জুই নিৰ্বাপিত কৰি নিহত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।