মৰণোত্তৰভাৱে পদ্ম বিভূষণ সন্মানেৰে সন্মানিত প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱ! পিতৃৰ হৈ পুত্ৰই গ্ৰহণ কৰিলে বঁটা…

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ এসময়ত আটাইতকৈ শক্তিশালী ৰাজনীতিবিদ, প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱক মৰণোত্তৰভাৱে প্ৰদান পদ্ম বিভূষণ সন্মান।

বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই সন্মান গ্ৰহণ কৰে মুলায়ম সিং যাদৱৰ পুত্ৰ অখিলেশ সিং যাদৱে।

ৰাষ্ট্ৰপতি ভৱনত আয়োজিত পদ্ম সন্মান প্ৰদান অনুষ্ঠানত পিতৃৰ হৈ পুত্ৰ অখিলেশৰ হাতত প্ৰদান কৰা হয় পদ্ম বিভূষণ সন্মান।

উল্লেখ্য যে, সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱ ১০ বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে ৭ বাৰ তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল।

২০২২ চনৰ ১০ অক্টোবৰত দীৰ্ঘদিনৰ অসুস্থতাৰ পিছত ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে যাদৱে।

তেওঁৰ দেহাৱসানৰ পিছত মৰণোত্তৰভাৱে তেওঁক পদ্ম বিভূষণ সন্মান প্ৰদান কৰাৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে।