
নিউজ ডেস্কঃ ৰাজ্যজুৰি এতিয়া বানৰ সংহাৰ।
বাৰিষাৰ প্ৰথমটো বানতে বুৰ গৈছে ৰাজ্যৰ কেইবাখনো জিলা। হাজাৰ হাজাৰ বিঘা কৃষিভূমি বুৰ গৈছে বানত। প্লাৱিত গৈছে কেইবাশতাধিক গাঁও।
বিশেষকৈ উত্তৰ কাছাৰ পাৰ্বত্য জিলাত এতিয়া বান আৰু ভূমিস্খলনে ধাৰণ কৰিছে ভয়াবহ ৰূপ।
মানুহৰ দ্বাৰা চলোৱা ধ্বংসযজ্ঞৰে আজি পৰিণাম ভোগ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ জনতাই।

বানৰ এনে সংহাৰী ৰূপৰ বাবে সৰু-বৰ জলবিদ্যুৎ প্ৰকল্প সমূহক জগৰীয়া কৰি পুনৰ সৰৱ হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।
ডিমা হাচাও হওক বা লখিমপুৰ-ধেমাজি, এই সকলোতে বানৰ প্ৰকৃত কাৰণ জলবিদ্যুৎ প্ৰকল্প সমূহ বুলি দাবী কৰি ইয়াৰ বিৰুদ্ধে সাধাৰণ জনতাক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় অখিল গগৈয়ে।

মৰণপণ যুঁজ দি হ’লে এনে জলবিদ্যুৎ প্ৰকল্পসমূহ অসমৰ ৰাইজে বন্ধ কৰিব লাগিব বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প, উমৰাংছু জলবিদ্যুৎ প্ৰকল্প, কপিলী প্ৰকল্পৰ দৰে সৰু সৰু প্ৰকল্পই লখিমপুৰ ধেমাজিৰ দৰে জিলাক বানৰ কবলত পেলাইছে।
বিধায়ক অখিল গগৈয়ে নামনি সোৱণসিৰি প্ৰকল্পক এটা জলবোমা বুলি আখ্যা দিয়ে।
তেওঁ কয়, ‘সকলো বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আমি মৰণপণ সংগ্ৰাম কৰি হলেও বন্ধ কৰিব লাগিব। অসমীয়া জাতীয় জীৱনৰ বাবে, অসমীয়া মানুহ জীয়াই থাকিবলৈ হ’লে এয়া অপৰিহাৰ্য।’