fbpx
অসমীয়াঅসম

মোৰ সৈতে যি ঘটিল, আন কাৰো সৈতে নঘটক! ৮৩ দিনৰ অন্তত হাস্পতালৰ পৰা ঘৰলৈ উভতিল আনন্দ শৰ্মা…

নিউজ ডেস্কঃ সুদীৰ্ঘ ৮৩ দিনৰ অন্তত স্বগৃহলৈ উভতিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা।

শনিবাৰে সম্পূৰ্ণ নিৰাপত্তাবেষ্টনীৰ মাজেৰে ডিব্ৰুগড়ৰ মাৰোৱাৰী হাস্পতালৰ পৰা আমগুৰিৰ গৃহলৈ লৈ যোৱা হয় আনন্দ শৰ্মাক।

উল্লেখ্য যে, ২০২২ চনৰ ২৭ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঁঞি বৰুৱা ছাত্ৰাৱাসৰ তৃতীয় মহলাৰ পৰা জঁপিয়াইছিল আনন্দই।

একাংশ জ্যেষ্ঠ ছাত্ৰৰ ৰেগিং সহ্য কৰিব নোৱাৰি এনেদৰে ছাত্ৰাবাসৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই পৰিছিল ছাত্ৰজনে।

ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত বিশ্ববিদ্যালয়ৰ এই ৰেগিং কাণ্ডৰ সৈতে জড়িত ৭ জনক গ্ৰেপ্তাৰ কৰা হৈছিল পৰৱৰ্তী সময়ত।

অৱশ্যে এই ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল যদিও পিছত ৫ ডিচেম্বৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

কিন্তু লক্ষণীয়ভাৱে মাত্ৰ ৪ দিন পূৰ্বে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিছে ৰাহুল ছেত্ৰী।

ইফালে এই সমগ্ৰ কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰথমে আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত মাৰোৱাৰী হাস্পতালত তেওঁৰ চিকিৎসা চলোৱা হয়।

হাস্পতালত ৮৩ দিন চিকিৎসাধীন হৈ থাকি সুস্থ হৈ উঠাৰ পিছত শনিবাৰে আনন্দ শৰ্মাই স্বগৃহলৈ ওভতে।

হাস্পতালৰ পৰা যোৱাৰ পৰত তেওঁ কয়, ‘মোৰ সৈতে যি ঘটনা ঘটিল, সেয়া যাতে আন কোনো ছাত্ৰৰ সৈতে নঘটে, তাৰ প্ৰতি সচেতন হওক।’

এই ৰেগিং কাণ্ডৰ বিৰুদ্ধে অসম চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সংবাদ মাধ্যমে গ্ৰহণ কৰা পদক্ষেপৰ বাবেও ধন্যবাদ জনায় আনন্দই।

Related Articles

Back to top button