অসম

মোৰ ল’ৰা ইংৰাজী মাধ্যমত পঢ়ে, মইনো কাক বাধা দিম, ভাষা জীয়াই ৰখাৰ দায়িত্ব অকল দৰিদ্ৰ মানুহৰ হ’ব নোৱাৰেঃ মুখ্যমন্ত্ৰী

ৰাজ্যত চলি থকা মাধ্যম বিতৰ্কৰ মাজতে পুনৰ অসমীয়া মাধ্যমৰ বিদ্যালয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শুক্ৰবাৰে হৈ যোৱা ৰাজ্য চৰকাৰৰ দ্বিতীয় বৃহৎ নিযুক্তি অনুষ্ঠানত দিয়া ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়- মোৰ ল’ৰা ইংৰাজী মাধ্যমত পঢ়ে, মইনো কাক বাধা দিম, ভাষা জীয়াই ৰখাৰ দায়িত্ব অকল দৰিদ্ৰ মানুহৰ হ’ব নোৱাৰে।

তেওঁ কয়- নিজৰ ল’ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢোৱাই, দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া মাধ্যমত পঢ়িবলৈ কোৱাৰ মোৰ ধৃষ্টতা নাই। মই তেনেকোৱা শিক্ষা নিদিও। আমাৰ অসমত বহু ডাঙৰ ডাঙৰ নেতাই নিজৰ ল’ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়াই বিধানসভাত তৰ্ক কৰে যে, ইংৰাজী মাধ্যমত নহয়, অসমীয়া মাধ্যমত ল’ৰা ছোৱালীক পঢ়াব লাগে।

ভাষা জীয়াই ৰখাৰ দায়িত্ব ধনীৰ পৰা দুখীয়া জনলৈকে, এইয়া কেৱল দুখীয়া মানুহৰ দায়িত্ব হ’ব নোৱাৰে।- মুখ্যমন্ত্ৰী।

তেওঁ লগতে কয়- অহা ১২ তাৰিখে দেশৰ ৰাষ্ট্রপতি অসমলৈ আহিব। আমি চাহ বাগিছা অঞ্চলত আৰু ১০০ খন স্কুল খুলিম। আমি প্ৰতিটো দিনেই ৰাজহুৱা শিক্ষাক শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছো।

Related Articles

Back to top button