
নিউজ ডেস্কঃ বিমান বন্দৰৰ নিয়মীয়া তালাচীৰ সময়ত অতীষ্ঠ হৈ পৰা এগৰাকী ব্যক্তিৰ মুখৰ পৰা ওলোৱা এটা শব্দই বিমান বন্দৰত সৃষ্টি কৰিলে আতংকৰ। যাৰ বাবে পৰৱৰ্তী সময়ত সেই যাত্ৰীজন আৰু তেওঁৰ পত্নীৰ বিমানযাত্ৰাৰ অনুমতি বাতিল কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হয়।
জানিব পৰা মতে, কেৰালাৰ কোচিত সংঘটিত হৈছে এনেধৰণৰ এক ঘটনা। কেৰালাৰ নিৱাসী এগৰাকী ৬৩ বৰ্ষীয় ব্যক্তিয়ে পত্নীৰ সৈতে বিমান যাত্ৰাৰ বাবে শনিবাৰে উপস্থিত হৈছিল কোচিৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত।
বিমান বন্দৰত যাত্ৰীজনৰ সামগ্ৰীৰ নিৰাপত্তাজনিত তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে প্ৰশ্ন কৰে ভিতৰত কি আছে বুলি। তাৰ পিছতে ব্যক্তিজনে ‘বোমা’ বুলি উচ্চাৰণ কৰাত বিমান বন্দৰত এক অনাকাংক্ষিত আতংকই বিৰাজ কৰে।
বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীক এই বিষয়ে অৱগত কৰা পিছতে তেওঁলোকক আটক কৰি নেদুম্বাচেৰী আৰক্ষীৰ হাতত গতাই দিয়া হয়। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছতে তেওঁলোকক জামিনত মুকলি কৰি দিয়া হয়।
কেৰেলাৰ এই লোকজনক মাম্মান যোচেফ বুলি চিনাক্ত কৰা হৈছে। তেওঁ পাথানামথিট্টাৰ বাসিন্দা। তেওঁ ডুবাই হৈ অষ্ট্ৰেলিয়ালৈ এমিৰেটছৰ এখন বিমানত উঠিবলৈ আহিছিল। বিমানবন্দৰৰ নিৰাপত্তা কৰ্মীসকলে মাম্মানক বাৰে বাৰে প্ৰশ্ন কৰাত তেওঁ বিৰক্ত হৈ এই কাণ্ড কৰে।
আৰক্ষীয়ে ইতিমধ্যে কেৰেলা আৰক্ষী আইনৰ ১১৮(বি) ধাৰাৰ (জানি বুজি উৰাবাতৰি বিয়পোৱা বা আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী বা আন যিকোনো অত্যাৱশ্যকীয় সেৱাক বিপথে পৰিচালিত কৰা) অধীনত ব্যক্তিগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে।